Online fraud: প্ৰৱঞ্চনা ! সহজ ধনৰ লোভত পৰি গাঁঠিৰ ধন হেৰুৱালে মাজুলীৰ একাংশই - সহজ ধনৰ লোভত পৰি গাঁঠিৰ ধন হেৰুৱালে মাজুলীৰ একাংশই
🎬 Watch Now: Feature Video
মাজুলী, 27 জুন : সহজ ধনৰ লোভত পৰি সৰ্বস্বান্ত হ’ল মাজুলীৰ একাংশ পৰিয়াল ৷ CANADIAN SOLAR নামৰ এক অনলাইন এপত হাজাৰ হাজাৰ টকা বিনিয়োগ কৰিছিল মাজুলীৰ গৰিষ্ঠসংখ্যক পৰিয়ালে । অতি কম দিনৰ ভিতৰতে অধিক ধন উপাৰ্জনৰ আশাত টকা বিনিয়োগ কৰা CANADIAN SOLAR নামৰ এপটোৰ পৰা যোৱা 21 জুনৰ পৰা বিনিয়োগকাৰীৰ বেংক একাউণ্টলৈ ধন ঘূৰি নহাত বিনিয়োগকাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।
জানিব পৰা মতে, পাঁচশ, এক হাজাৰৰ পৰা আৰম্ভ কৰি লাখ টকা পৰ্যন্ত ধন বিনিয়োগ কৰা হৈছিল এই CANADIAN SOLAR ত । নামনি মাজুলীৰ গুঁৱাল গাঁৱত স্থাপন হৈছিল এই কোম্পানীটোৰ কাৰ্যালয় । উল্লেখ্য যে, যোৱা তিনিদিন ধৰি বন্ধ হৈ আছে এই কাৰ্যালয় ৷ কাৰ্যালয়ৰ পৰা কৰ্মচাৰীসকলে পলায়ন কৰা বুলি জানিবলৈ পৰা গৈছে ।
বন্ধ কাৰ্যালয়ৰ সন্মুখত ভুক্তভোগী লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : ST status : জনজাতিকৰণ দাবীত আকৌ সৰৱ হৈছে মটক যুৱ ছাত্ৰ সন্মিলন