Teok Bridge: কেবিনেটৰ সিদ্ধান্তক লৈ উৎফুল্লিত জাঁজীমুখবাসী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 18, 2022, 8:16 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

যোৰহাটত অনুষ্ঠিত কেবিনেট বৈঠকে সুখবৰ আনিলে জাঁজীমুখবাসী বাবে । জাঁজী আৰু বহ্মপুত্ৰৰ সংগম স্থলতেই অৱস্থিত টীয়কৰ জাঁজীমুখৰ পাৰঘাট ৷ বছৰ বছৰ ধৰি এই অঞ্চলৰ ৰাইজে ভয়াবহভাৱে পাৰ হয় নদীৰ বুকু ৷ জাঁজীমুখৰ প্ৰায় ১৫ৰ পৰা ১৬ খনকৈ গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ মাধ্যম হৈছে এখন নাঁও । বছৰ বছৰ ধৰি এইসমূহ গাঁৱৰ ৰাইজে এনেদৰে বিপদ সংকুলভাৱে ইপাৰ সিপাৰ হ'বলগীয়া হয় । বহু চৰকাৰ আহিল গ'ল কিন্তু জাঁজীমুখৰবাসীৰ যান্ত্ৰনা যান্ত্ৰনা হৈয়ে ৰ'ল । এইবাৰ যেন এই যান্ত্ৰনাৰ পৰা মুক্ত হ'ল জাঁজীমুখবাসী । সদ্য অনুষ্ঠিত যোৰহাট কেবিনেটত জাঁজী নদীৰ ওপৰত নিৰ্মাণ হ'বলগীয়া দলং ঘোষণা হোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰে জাঁজীমুখবাসী । সমস্যা সমাধানৰ দিশে আগবাঢ়িল জাঁজীমুখ । সেয়ে মুখ্যমন্ত্ৰী গৰাকীৰ লগতে স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাকো কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছে জাঁজীমুখৰ স্থানীয় দল সংগঠন তথা স্থানীয় ৰাইজে । লগতে এই দলঙে জাঁজীমুখৰ শৈক্ষিক-সাংস্কৃতিক তথা অৰ্থনৈতিক ক্ষেত্ৰত এক নতুন দিগন্তৰ সুচনা কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে । এই সন্দৰ্ভত কি ক'লে জাঁজীমুখ পাৰঘাটৰ স্থানীয় লোকে চাওক এক বিশেষ প্ৰতিবেদন ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.