Anti Dugs Mission in Guwahati: সিজুবাৰীত ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - সিজুবাৰীত ড্ৰাগছসহ সৰবৰাহকাৰী
🎬 Watch Now: Feature Video

ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বেহা । ভগদত্তপুৰ আৰক্ষীৰ অভিযান সিজুবাৰী পাঁচআলিত (Anti Dugs Mission in Guwahati)। অভিযানত জব্দ নগদ ৫০ হাজাৰ টকাসহ ১১ গ্ৰাম হেৰ’ইন (Drugs peddler arrested in Guwahati)। গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যবসায়ী । নিজ ঘৰৰ পৰাই চলাইছিল নিষিদ্ধ ড্ৰাগছৰ বেহা (Drugs smuggling in Guwahati) । গ্ৰেপ্তাৰ কৰা দুই সৰবৰাহকাৰীৰ নাম ফাৰুক আলী আৰু হাছিনা বেগম । হাছিনা বেগমৰ ঘৰ সিজুবাৰীত । দীৰ্ঘদিন ধৰি ফাৰুক আৰু হাছিনা দুই বন্ধু বান্ধৱীয়ে চলাইছিল ড্ৰাগছৰ বেহা । উল্লেখযোগ্য যে শুকুৰবাৰে নিশাৰ ভাগত সিজুবাৰীতে আন এক অভিযান চলাই হাতীগাঁও আৰক্ষীয়ে জব্দ কৰিছিল গাঞ্জাসহ এজন মহিলা ব্যৱসায়ীক । আৰক্ষীয়ে ময়ূৰী বেগম নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৭ কেজি গাঞ্জাসহ নগত ৪, ৩,৮০০ টকা জব্দ কৰে ।
Last Updated : Feb 3, 2023, 8:25 PM IST