Press conference in Dispur: ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক-অধ্যক্ষক স্থায়ী পদত নিযুক্তিৰ দাবী - অধ্যক্ষসকলক স্থায়ী পদত নিযুক্তিৰ দাবী
🎬 Watch Now: Feature Video
গুৱাহাটী,৫ ফেব্ৰুৱাৰী: দিছপুৰ প্ৰেছ ক্লাৱত কামৰূপ জিলাৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলৰ সংবাদমেল(PC of in charge headmasters and principals) । কামৰূপ জিলা সংমণ্ডলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত কৰ্মৰত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা অধ্যক্ষসকলক স্থায়ী ৰূপে নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰে ভাৰপ্ৰাপ্ত শিক্ষক-অধ্যক্ষসকলে । যোগ্যতা থকা স্বত্বেও স্থায়ী পদত নিযুক্তি নোহোৱাত ক্ষোভিত হৈছে শিক্ষকসকল ।
কামৰূপ জিলাত প্ৰায় ৮২ গৰাকী প্ৰধান শিক্ষক আৰু অধ্যক্ষই ভাৰপ্ৰাপ্ত হিচাপে বিদ্যালয়ত কাম কৰি আছে । ২০১৭ চনৰ পৰাই এই শিক্ষকসকলে প্ৰধান শিক্ষক তথা অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰি আহিছে । বহুসংখ্যকে ভাৰপ্ৰাপ্তৰ কাৰ্যভাৰ গ্ৰহণ কৰি অৱসৰো গ্ৰহণ কৰিছে । দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে কামৰূপ জিলাৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা অধ্যক্ষসকলে ।
সংবাদমেলত তেওঁলোকে স্থায়ী পদত নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় । বাৰম্বাৰ শিক্ষা বিভাগ(Education Department) আৰু শিক্ষামন্ত্ৰীক বিষয়টো অৱগত কৰোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ শিক্ষকসকলৰ । সমগ্ৰ বিষয়টো শিক্ষামন্ত্ৰীক অৱগত কৰাত শিক্ষামন্ত্ৰীয়ে(Education Minister Ronoj Pegu) কোনো ধৰণৰ গুৰুত্ব নিদি ২০২৩ চনত NEP(New Education Policy) আহিব বুলি মন্তব্য কৰে । সেয়ে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে শিক্ষকসকলে ।
সংবাদমেলত বীনাপাণি বৰ্মনে কয় যে দীৰ্ঘদিন ধৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক তথা অধ্যক্ষৰ পদবোৰ খালী হৈ আছে । পদটো চলাবলৈ ভাৰপ্ৰাপ্তক দিছে যদিও স্থায়ী মকৰল হোৱা নাই । সেয়ে মুখ্যমন্ত্ৰীক আহ্বান- প্ৰধান শিক্ষক তথা অধ্যক্ষৰ পদটো যোগ্যতাৰ ভিত্তিত স্থায়ী মকৰল কৰক । আনহাতে বহু হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ'ল । কিন্তু তাত বিষয় শিক্ষকৰ অভাৱ । বৰ্তমানলৈ উন্নীত হোৱা বিদ্যালয়সমুহত বিষয় শিক্ষক নিযুক্তি দিয়া নাই । কামৰূপ জিলাত তেনে বিদ্যালয় প্ৰায় ২০-২৫ খন আছে য'ত এজনো বিষয় শিক্ষকক নিযুক্তি দিয়া হোৱা নাই । যাৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে বিদ্যালয় কৰ্তৃপক্ষ ।
লগতে পঢ়ক: Governor in Tinsukia: তিনিচুুকীয়াত কৃষি ক্ষেত্ৰৰ বিকাশত গুৰুত্ব দিবলৈ জিলা প্ৰশাসনক ৰাজ্যপালৰ আহ্বান