thumbnail

By

Published : Dec 29, 2022, 2:14 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

Patient Missing from AMCH: চিকিৎসালয়ৰ পৰাই সন্ধানহীন এজন ৰোগী

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত (AMCH) অঘটন ৷ AMCH ৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈছে ডিব্ৰুগড়ৰ খোৱাং সোণোৱাল বঙালী গাঁৱৰ এজন ৰোগী (Patient Missing from AMCH)৷ ৰোগীজনৰ নাম বিমান হাজৰিকা (৫৬) ৷ বিমান হাজৰিকাৰ পত্নীয়ে উল্লেখ কৰা অনুসৰি, হঠাৎ অসুস্থ হৈ পৰাত ২৪ ডিচেম্বৰত ১০৮ এম্বুলেঞ্চৰ জৰিয়তে বিমান হাজৰিকাক পৰিয়ালৰ লোকে AMCH ত ভৰ্তি কৰিছিল ৷ ২৭ ডিচেম্বৰৰ বিয়লি প্ৰায় ৩ বজাত বিমান হাজৰিকাৰ লগত অভিভাৱক হিচাপে থকা তেওঁৰ পত্নীয়ে এটা পৰীক্ষাৰ ৰিপ’ৰ্ট আনিবলৈ ওলাই গৈছিল ৷ সেই সুযোগ গ্ৰহণ কৰিয়েই চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা বিমান হাজৰিকাক চিকিৎসালৰ পৰা ওলাই যায় ৷ বিমান হাজৰিকাৰ পত্নীয়ে হাস্পতালৰ বিচনাত তেওঁৰ স্বামীক নেদেখি হতভম্ব হৈ পৰে । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে AMCH কৰ্তৃপক্ষক মৌখিকভাৱে অৱগত কৰাৰ উপৰিও ডিব্ৰুগড়ৰ বৰবাড়ী আৰক্ষী চকী আৰু খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.