Jonai news: স্বচক্ষে নেদেখিলে অনুমান কৰিব নোৱাৰি উন্নয়নৰ স্তৰ ! - পথৰ দুৰৱস্থা
🎬 Watch Now: Feature Video
Published : Oct 5, 2023, 11:58 AM IST
জোনাই, ৫ অক্টোবৰ : জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে জোনাই মাজমজিয়াত থকা লৃচাং দুলুঙৰ ৰাইজক ৷ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা জোনাই গাঁও পঞ্চায়তৰ গাতে লাগি থকা জোনাই সদৰৰ লৃচাং গাঁৱৰ পথত এজাক বৰষুণ দিলেই পথছোৱা পুখুৰী সদৃশ হৈ পৰা পৰিলক্ষিত হৈছে ৷ উন্নয়নৰ ঢোল পিটি থকা শাসনাধিষ্ট বিজেপি চৰকাৰখনে এই দৃশ্য দেখি এতিয়াও ক’ব পাৰিবনে প্ৰকৃতাৰ্থত উন্নয়ন হৈছে বুলি ?
অসমৰ গাঁৱে ভূঞে দৰাচলতে কিমান উন্নয়ন হৈছে, সেইয়া স্বচক্ষে দেখিলেহে গম পোৱা যায় ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি বহুত বছৰৰ পৰা এই ৰাস্তা মেৰামতি কৰা হোৱা নাই ৷ যাৰ ফলত অলপ বৰষুণ হ’লেই পথটোত পানীৰ ডোঙা বান্ধে ৷ যাৰ ফলত যাতায়াতৰ বাবে সেই অঞ্চলৰ ৰাইজে জ্বলা-কলা খোৱা পৰিলক্ষিত হৈছে ।
লৃচাং দলুঙৰ এই পথেৰে বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে চিকিৎসালয়লৈ দৈনিক শ শ লোক অহা যোৱা কৰে ৷ চিকিৎসালয়লৈ ৰোগী অহা যোৱা কৰাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হৈছে ৷ এন্ধাৰ হোৱাৰ পিচতেই সেই অঞ্চলটোৰে গাড়ী চলাচল কৰাত বহুত অসুবিধাৰ সন্মুখীন হৈছে পথচাৰী তথা যাত্ৰীসকল ৷ এনে এটা গুৰুত্বপূৰ্ণ পথৰ জৰাজীৰ্ণ অৱস্থাই উদঙাই দিছে ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ ।
লগতে পঢ়ক : Pathetic road condition at Amguri:আমগুৰিত যাতায়াতৰ নামত যমৰ-যাতনা ভুগিছে গ্ৰামাঞ্চলৰ ৰাইজে