Conversion in Barpeta: হিন্দু ধৰ্ম গ্ৰহণ মুছলমান মহিলা চিকিৎসকৰ; পিতৃ-মাতৃৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 6:46 PM IST

Updated : Sep 3, 2023, 7:51 PM IST

thumbnail

জনীয়া, 3 ছেপ্টেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াত আচৰিত ঘটনা পোহৰলৈ আহিছে ৷ কলগাছিয়াৰ এগৰাকী মুছলমান সম্প্ৰদায়ৰ চিকিৎসক ডাঃ আলিমা আখতাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিচতে তেওঁক পিতৃ-মাতৃসহ পৰিয়ালৰ লোকে হত্যা কৰাৰ পৰিকল্পনা কৰাৰ লগতে তেওঁক এগৰাকী মৌলানালৈ বিয়া দিয়াৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ বিমান বন্দৰৰ পৰা এটা ভিডিঅ’ প্ৰকাশ কৰি উত্থাপন কৰিছে এই অভিযোগ ৷ 

ইফালে, এই সকলো অভিযোগ নস্যাৎ কৰে ডাঃ আলিমা আকতাৰৰ খুৰাক ছাহাব উদ্দিন খানে।  ডাঃ আলিমা আকতাৰে পিতৃৰ পৰা ৯ লাখ টকা দাবী কৰাৰ কথা উল্লেখ কৰে খুৰাক ছাহাব উদ্দিন খানে। যাৰ বাবে কোনো বিপদত থকা বুলি সন্দেহ প্ৰকাশ কৰে খুৰাক ছাহাব উদ্দিন খানে। বৰ্তমান ডাঃ আলিমা আকতাৰৰ কোনো সন্ধান নোপোৱাত মাতৃ অসুস্থ হৈ চিকিৎসাধীন হৈ আছে বুলিও জানিবলৈ দিয়ে ছাহাব উদ্দিন খানে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক তদন্তৰ জৰিয়তে সকলো ফাদিল কৰিবলৈ দাবী জনায় পৰিয়ালে।

লগতে পঢ়ক: Honour killing: নাবালিকা কন্যাক ধৰ্ষণ কৰি হত্যা সতীয়া পিতৃৰ

Last Updated : Sep 3, 2023, 7:51 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.