Water supply pipe burst: এইবাৰ নুনমাটিত জলবিস্ফোৰণ; আকৌ ফুটিল পানীৰ পাইপ - jica water supply project in Assam
🎬 Watch Now: Feature Video
গুৱাহাটী, 20 জুন: গুৱাহাটীৰ নুনমাটিত অঘটন । ৰাজপথৰ কাষতেই পাইপ ফুটি জলবিস্ফোৰণৰ ঘটনা । গুৱাহাটী শোধানাগাৰৰ হাস্পতালৰ সমীপত এই অঘটন সংঘটিত । পানীৰ পাইপ ফুটাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ব্যাহত হৈছে যাতায়ত ব্যৱস্থা । পাইপ ফুটাৰ কিছু সময়ৰ পিছত বন্ধ কৰি দিয়া হয় পানী যোগান । ঘটনাৰ কিছু সময় পিচতেই কামৰূপ (মহানগৰ) প্ৰশাসনে এই কথা স্পষ্ট কৰে যে নুনমাটিত জল ব'ৰ্ডৰ কোনো পানীৰ পাইপ ফটা নাই ৷ এয়া নুনমাটি শোধানাগাৰৰ নিজা পানীযোগান পাইপলাইন ৷ নুনমাটি শোধানাগাৰৰ নিজা পানীযোগান পাইপ লাইন সামান্য ফাটিছিল যদিও সেয়া লগে লগে মেৰামতি কৰা হৈছে ৷ এই ঘটনাত কোনো ক্ষয়- ক্ষতি হোৱা নাই ৷
গুৱাহাটী মহানগৰীত পানীৰ পাইপ ফুটি জলবিস্ফোৰণ সংঘটিত হোৱাৰ এইটো পঞ্চমটো ঘটনা ৷ ইয়াৰ পূৰ্বে খাৰঘূলি, আমিনগাঁও, মালিগাঁও, কমাৰ্চ পইন্টত পানীৰ পাইপ ফুটি সংঘটিত হৈছিল জলবিস্ফোৰণ ৷ খাৰঘূলিত জাইকাৰ পানী পাইপ ফুটি হোৱা জলবিস্ফোৰণত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাইছিল ৷ ইতিমধ্য়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তৎপৰতা গ্ৰহণ কৰিছে গুৱাহাটী উন্নয়ন দপ্তৰে ৷
লগতে পঢ়ক: Minister Pijush visit Mangaldai:এটাও ভগ্ন মথাউৰি নিৰ্মাণ কৰিবলৈ বাকী নাই