thumbnail

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 1:52 PM IST

ETV Bharat / Videos

Dhemaji Painting exhibition : ধেমাজিত ন-পুৰণি চিত্ৰ শিল্পীৰ ৰং তুলিকাত প্ৰাণ পাই উঠিছে জীৱনৰ গান

ধেমাজি, 1 নৱেম্বৰ : ধেমাজিত ন-পুৰণি চিত্ৰশিল্পীৰ ৰং তুলিকাত প্ৰাণ পাই উঠিছে জীৱনৰ গানে ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 97 জন ন-পুৰণি চিত্ৰশিল্পীৰ চিত্ৰ প্ৰদৰ্শনেৰে ধেমাজিত অনুষ্ঠিত কৰা হৈছে তৃতীয় বাৰ্ষিক 'বণাংকণ’ৰ চিত্ৰ প্ৰদৰ্শনীৰ অনুষ্ঠান ৷

ৰং তুলিকাৰে জীৱনৰ কথা কোৱা চিত্ৰ শিল্পীসকলৰ দৃষ্টিনন্দন চিত্ৰ সম্ভাৰ প্ৰদৰ্শিত হোৱা এই চিত্ৰ প্ৰদৰ্শনীয়ে চিত্ৰ ভাস্কৰ্য প্ৰেমী ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷ অংকন কলা কেন্দ্ৰৰ উদ্যোগত ধেমাজি অগপৰ কাৰ্যালয়ৰ আলোচনা গৃহত অনুষ্ঠিত এই চিত্ৰ প্ৰদৰ্শনীস্থলীত চিত্ৰশিল্পীসকলৰ অন্তৰংগ আলাপ, কৰ্মশালাও আয়োজন কৰে উদ্যোক্তাসকলে ৷

ধেমাজি জিলাত চিত্ৰকলা চৰ্চাৰ জাগৰণ সৃষ্টিৰ বাবে এনে চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে উদ্যোক্তাসকলে ৷

লগতে পঢ়ক : Major reshuffle in Assam Police: নলবাৰীত একেদিনাই ২১ গৰাকীকৈ আৰক্ষী বিষয়াক ৰদবদল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.