Flood in Majuli: মাজুলীত আগতীয়া বানে ডুবালে বড়ো ধানৰ খেতি

By

Published : May 7, 2023, 10:10 PM IST

thumbnail

মাজুলী,৭ মে': মাজুলী বৰগঞা গাঁৱত আগতীয়া বানে ডুবালে বড়ো ধানৰ খেতি । সোৱণশিৰিৰ বাঢ়নী পানীত ডুবিল বৰগঞা গাঁৱৰ বিস্তীৰ্ণ কৃষি ভূমি । বৰগঞা গাঁৱৰ অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়ে পৰিয়াল পোহপাল দি আহিছে (Paddy crop submerged in flood in Majuli) । কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়ে বৰগঞা গাঁৱৰ অধিকাংশ লোকে নিজৰ সন্তানক পঢ়া-শুনা কৰাই আহিছে ।  

চিলাকালত থকা চুইছ গেট বিগত বছৰত বিকল হোৱাৰ পাছত কোনো ধৰণৰ মেৰামতি নকৰাৰ বাবেই এই কৃষি ভূমিত সোমাল পানী (Flood in Majuli) । সোৱণশিৰিৰ বাঢ়নী পানীয়ে বুৰাই পেলালে বৰগঞা গাঁৱৰ বড়ো ধানৰ খেতি । গেৰ ধৰা ধাননি দৰা এতিয়া বাঢ়নী পানীৰ তলত । বৰগঞা গাঁৱৰ চহা কৃষকসকলৰ সপোন নিমিষতে ছাৰখাৰ কৰি পেলালে বাঢ়নী পানীয়ে । পানীৰ তলত বুৰ যোৱা ধাননি দৰা চাই হুমুনিয়াহ কাঢ়িছে কৃষক ৰাইজে । 

লগতে পঢ়ক: Cultivation of silkworms : পুৰণিকলীয়া পদ্ধতিৰে আজিও পলুখেতি কৰা খেতিয়কৰ গাঁথা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.