thumbnail

Lampy disease: তিতাবৰত লাম্পী ৰোগৰ প্ৰাদুৰ্ভাৱত শংকিত গোপালক

By

Published : Jun 29, 2023, 1:24 PM IST

তিতাবৰ, ২৯ জুন: তিতাবৰত লাম্পী ৰোগে লৈছে ভয়ঙ্কৰ ৰূপ । এই ৰোগত ইতিমধ্য়ে বহুতো পশুধনৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্তও হৈছে । ফলত তিতাবৰত পশুপালকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । তিতাবৰৰ বিৰিণাশায়েক অঞ্চলতো লাম্পী ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাত আতংকিত হৈছে পশুপালক । বিৰিণাশায়েকত নিতৌ আক্ৰান্ত হৈছে শ শ পশুধনৰ। এতিয়ালৈকে বিৰিণাশায়েক অঞ্চলতে বহু পশুধন এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ।

ইয়াৰ পিচতো বৰ্তমানলৈকে পশু চিকিৎসা বিভাগ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । উল্লেখযোগ্য যে এই ৰোগত প্ৰথমতে গৰুৰ গোটেই গাত ফোহা সদৃশ টেমুনাৰ সৃষ্টি হয় আৰু পিছত এই টেমুনাবোৰ ফাটি ঘা আৰম্ভ হ'বলৈ ধৰে । যাৰ ফলত অত্যন্ত দুৰ্বল হৈ পৰে পশুধন । বিৰিণাশায়েক অঞ্চলত বহু পশুধনৰ মৃত্যু হৈছে। যাৰ বাবে কৃষক তথা পশুপালক সকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে । বিৰিণাশায়েক অঞ্চলৰ ৰাইজে প্ৰশাসন তথা পশু চিকিৎসা বিভাগক ব্যৱস্হা গ্ৰহণৰ আহ্বান জনাইছে ।

Lumpy disease: দলগাঁৱত লাম্পী ৰোগৰ প্ৰাদুৰ্ভাৱত শংকিত গোপালক

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.