thumbnail

বিলুপ্তপ্ৰায় সোণালী বান্দৰ সংৰক্ষণৰ সুন্দৰ প্ৰচেষ্টা Golden Langur Festival

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 4:38 PM IST

বঙাইগাঁও, 27 ডিচেম্বৰ :  ‘গোল্ডেন লেংগুৰ ফেষ্টিভেল’- সোণালী বান্দৰ সংৰক্ষণৰ বাবে এক মহৎ তথা প্ৰশংসনীয় প্ৰচেষ্টা হাতত লৈছে বঙাইগাঁৱৰ কেইজনমান যুৱকে ৷ বিলুপ্তপ্ৰায় সোণালী বান্দৰ সংৰক্ষণৰ বাৰ্তা সমাজত বিয়পোৱাৰ উদ্দেশ্যে আৰু বিশ্ব দৰবাৰত অসমৰ সোণালী বান্দৰক পৰিচয় কৰাই দিয়াৰ মানসেৰে তেওঁলোক আগবাঢ়ি আহিছে ৷ বঙাইগাঁও জিলাৰ চৌটাকীত অনুষ্ঠিত হ’ব গোল্ডেন লেংগুৰ ফেষ্টিভেল ৷ মঙলবাৰে Golden Langur Festival ৰ শীৰ্ষ গীতো মুকলি কৰা হয় ।

বঙাইগাঁও জিলাৰ চৌটাকীত আগন্তুক বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ ৫ দিনীয়া বৃহৎ কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব Golden Langur Festival ৷ থীম চং মুকুলি কৰাক লৈ গোল্ডেন লেংগুৰ ফেষ্টিভেলৰ আয়োজকসকলে মঙলবাৰে সংবাদমেলৰ আয়োজন কৰে ৷ বিলুপ্তপ্ৰায় সোণালী বান্দৰৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে আয়োজন কৰা এই ফেষ্টিভেলৰ শীৰ্ষ সংগীত মঙলবাৰে নিশা ফেষ্টিভেলস্থলীত শুভমুক্তি দিয়া হয় ৷ এই ফেষ্টিভেলত জুৱিন গাৰ্গ, আচুৰ্য বৰপাত্ৰ তথা বলীউডৰ নীতি মোহনকে ধৰি কেবাগৰাকী শিল্পী তথা যাদৱ পায়েং, চনম ৱাংচুককে ধৰি কেবাগৰাকী বিখ্যাত ব্যক্তিয়ে অংশ ল’ব ৷

লগতে পঢ়ক : সোণবুলীয়া কমলা খেতিৰে গঢ়িছে কৃষি বিপ্লৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.