BVFCL Namrup:কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক তৰংগ গগৈৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া দল সংগঠনৰ - বিধায়ক তৰংগ গগৈৰ মন্তব্য

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 24, 2023, 3:45 PM IST

Updated : Jul 24, 2023, 5:56 PM IST

নাহৰকটীয়া, ২৪ জুলাই : নামৰূপ সাৰ কাৰখানাৰ বন্ধ কৰাৰ সন্দৰ্ভত নীতি আয়োগে প্ৰদান কৰা পৰামৰ্শৰ পাচত নামৰূপৰ লগতে সমগ্ৰ ডিব্ৰুগড় জিলাতে ৰাইজে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক তৰংগ গগৈয়ে নীতি আয়োগৰ পৰামৰ্শ মতে চৰকাৰ নচলে বুলি কোৱা মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পনা আয়োগ ভাঙি ২০১৫ চনত নীতি আয়োগ গঠন কৰিছিল আৰু সেই আয়োগৰ অধ্যক্ষ খোদ প্ৰধানমন্ত্ৰী নিজেই । এইক্ষেত্ৰত অসমৰ জনগনক নীতি আয়োগৰ পৰামৰ্শ চৰকাৰে নস্যাৎ কৰিব বুলি কোৱা মন্তব্যই জনতাৰ এই গৰ্জন প্ৰশমিত কৰাৰ অপচেষ্টা বুলি দল সংগঠনৰ নেতাই অভিহিত কৰে ৷

উল্লেখ্য যে এই নীতি আয়োগৰ পৰামৰ্শ অনুযায়ী নিৰ্বিনিয়োজন আঁচনিৰ ( Disinvestment Policy) জৰিয়তে চৰকাৰে দেশৰ বেংকিং খণ্ড তথা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ব্যক্তিগত খণ্ডক গতাই দিছে নতুবা বন্ধ কৰি দিছে ৷ এনে ক্ষেত্ৰত মন্ত্ৰী বিধায়কৰ এনে তুলুঙা মন্তব্যই সাধাৰণ জনতাক ব্যতিব্যস্ত কৰি তুলিছে ৷

লগতে পঢ়ক : BVFCL Namrup :প্ৰতিবাদত উত্তাল নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰ

Last Updated : Jul 24, 2023, 5:56 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.