তিনিচুকীয়াত চৰকাৰৰ কেবিনেট বৈঠকৰ পূৰ্বেই ডিব্ৰুগড়ত বিৰোধীৰ ৰাজনৈতিক অভিৱৰ্তন - Loksabha election 2024
🎬 Watch Now: Feature Video
Published : Nov 30, 2023, 4:00 PM IST
মৰাণ, 30 নৱেম্বৰ: অহা ১ ডিচেম্বৰ শুকুৰবাৰে উজনি অসমৰ তিনিচুকীয়াত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব কেবিনেট বৈঠক ৷ যাৰ বাবে বিজেপিৰ কেইবাজনো মন্ত্ৰীয়ে ইতিমধ্যেই উজনিত বাহৰ পাতিছে ৷ একে সময়তে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে বিৰোধী ঐক্যৰ ৰুদ্ধদ্বাৰ বৈঠক । লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনাৰ বাবেই ডিব্ৰুগড়ত বৈঠকত মিলিত হৈছে বিৰোধী ঐক্য ৷
অসম জাতীয় পৰিষদৰ আতিথ্যত অনুষ্ঠিত হৈছে বিৰোধী ঐক্যৰ এই ৰাজনৈতিক অভিৱৰ্তন । এই বৈঠকতে বিৰোধী ঐক্য মঞ্চই প্ৰকাশ কৰিবলগীয়া ঘোষণা পত্ৰখন চূড়ান্ত কৰিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জানিবলৈ দিছে । কোন সমূহ বিষয় লৈ ৰাইজৰ ওচৰলৈ যাব বিৰোধী ঐক্য ? সেই সমূহ বিষয় আলোচনা কৰা হ'ব বুলি জানিবলৈ দিছে প্ৰদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে ।
উল্লেখযোগ্য যে গুৱাহাটীৰ পাছত দ্বিতীয়বাৰৰ বাবে বৃহস্পতিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে বিৰোধী ঐক্য মঞ্চৰ বৈঠক । এই বৈঠকত প্ৰাৰ্থিত্বকেন্দ্ৰিক বিষয়সমূহ আলোচনা নহয় বুলি জনাইছে প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই ।
এই বৈঠকত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী উপ দলপতি ৰকিবুল হুছেইনে কয়, ‘‘বিজেপিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ সমূহক লৈ বিৰোধী ঐক্যৰ বৈঠকত আলোচনা কৰা হ'ব । 'কা'ক লৈ বিজেপিয়ে ৰাইজক দোমোজাত পেলাইছে, কিন্তু কংগ্ৰেছ দলৰ 'কা' সম্পৰ্কত পূৰ্বৰ পৰাই স্থিতি স্পষ্ট হৈ আছে ।’’ মুঠৰ ওপৰত শাসক দল বিজেপিক লোকসভাত ৰুধিবলৈ বিৰোধী ঐক্য তৎপৰ হোৱা পৰিলক্ষিত হৈছে ।
উল্লেখ্য যে 2024 চনত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন ৷ ইতিমধ্যে ৰাজনৈতিক দলসমূহে টঙালী বান্ধিছে এই নিৰ্বাচনক লৈ ৷ ৰাষ্ট্ৰীয় স্তৰত দেখা গৈছে য়ে অতি কমেও 25 টা বিৰোধী শক্তি একলগ হৈ গঠন কৰিছে I.N.D.I.A. ৷ যাৰ নেতৃত্বত আছে কংগ্ৰেছ ৷ একেদৰে অসমতো কংগ্ৰেছৰ নেতৃত্বত এজেপি, ৰাইজৰ দল, আপ, টি এম চি, বাওঁপন্থী আদি 15 টা বিৰোধী শক্তি একত্ৰিত হৈছে ৷ কিন্তু আঁতৰাই ৰখা হৈছে এ আই ইউ ডি এফক ৷
বৰ্তমানলৈকে আসনৰ ভাগ-বাটোৱাৰা সন্দৰ্ভত কোনো নিশ্চয়তা হোৱা নাই যদিও আপ, টি এম চি আদিয়ে পাঁচখনকৈ আসন দাবী কৰিছে ৷ ইফালে বাওঁপন্থীয়েও বিচাৰিছে আসন ৷ কিন্তু 14 খন আসনৰ ভিতৰত যদি মিত্ৰ দলক বিচৰা ধৰণে আসন দিবলৈ হয়, তেন্তে কংগ্ৰেছৰ হাতত মাত্ৰ 2 খন মানহে আসন ৰ’বগৈ ৷ অৱশ্যে বিচৰা ধৰণেই যে আপ বা টি এম চিয়ে আসন পাব তেনে নহয় ৷ যাৰ বাবে গণভিত্তিৰ ওপৰতো নিৰ্ভৰ কৰিব লাগিব ৷
খবৰ অনুসৰি বৰ্তমানলৈকে অজাপৰ লুৰীণজ্য়োতি গগৈৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈছে ৷ সেইদৰে আপ, টি এম চি, বাওঁ দলকো হয়তো এখনকৈ আসন এৰি দি বাকী প্ৰায় 10 খন আসন নিজলৈ ৰাখিব কংগ্ৰেছে ৷ সেয়া নিশ্চিত হ’ব তালিকা প্ৰকাশৰ পিচতহে ৷
লগতে পঢ়ক: ডিব্ৰুগড়ৰ বৈঠকতে বিৰোধী ঐক্য মঞ্চৰ ঘোষণা-পত্ৰ চূড়ান্ত হ'ব : ভূপেন বৰা