Manipur violence : মণিপুৰৰ ঘটনাক লৈ গুৱাহাটীত বিৰোধী দলৰ প্ৰতিবাদ - Opposition protests in Guwahati on Manipur

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 22, 2023, 7:33 PM IST

গুৱাহাটী, ২২ জুলাই : মণিপুৰৰ ঘটনাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । শনিবাৰে গুৱাহাটীত মনিপুৰৰ নাৰকীয় ঘটনাৰ বিৰুদ্ধে বিৰোধী দলে প্ৰতিবাদ সাব্যস্ত কৰে । মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত চিপিআইএমসহ ১২ টা বিৰোধী দলৰ আহ্বানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ লগতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰো দাবী তুলিছে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদত অংশ লোৱা বিৰোধী ৰাজনৈতিক দলসমূহ হৈছে ক্ৰমে চিপিআই ,চিপিআই(এম),কংগ্ৰেছ,ৰাইজৰ দল,অসম জাতীয় পৰিষদ, এনচিপি, আৰজেডি, আম আদমি পাৰ্টি, জেডিইউ, চিপিআই (এম এল), জাতীয় দল অসম আৰু তৃণমূল কংগ্ৰেছ । ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও এই প্ৰতিবাদ অংশগ্ৰহণ কৰে । প্ৰতিবাদত বিৰোধী নেতাসকলে শাসকীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক :TMMPK on Maipur issue: কেৱল দুগৰাকী নাৰীক নহয় হাজাৰ হাজাৰ নাৰীক উলংগ কৰা হ’ল; TMMK

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.