খিলঞ্জীয়া অসমীয়াৰ প্ৰভুত্ব থকা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ সাহস নাই বিৰোধীৰ: জয়ন্ত মল্ল বৰুৱা - Lok sabha polls 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 4:15 PM IST

যোৰহাট, 13 ডিচেম্বৰ: ‘‘কংগ্ৰেছ দলে লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব বিচৰাসকলৰ পৰা টিকটৰ বিনিময়ত ১ লাখ টকাকৈ মুকলিকে লৈছে ৷ এয়া স্বচ্ছভাৱে লোৱা পইচা ৷ পিছ দুৱাৰেদি আৰু কিমান বা পইচা লৈছে ভূপেন বৰাই জানিব ৷ এয়া এক কেলেংকাৰীৰ দৰে ৷’’ যোৰহাটত এইদৰে কংগ্ৰেছক কটাক্ষ কৰে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

আনহাতে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু ইউ ডি এফে খিলঞ্জীয়া অসমীয়াৰ প্ৰভুত্ব থকা বা খিলঞ্জীয়া ভোটাৰ থকা সমষ্টিত নিৰ্বাচন খেলিবলৈ সাহস নকৰে বুলিও কয় মন্ত্ৰী বৰুৱাই । তেওঁলোকে মিঞা ভোটাৰৰ প্ৰাধান্য থকা সুৰক্ষিত সমষ্টি বিচাৰি ফুৰে আৰু তাত থকা খিলঞ্জীয়া লোকে তেওঁলোকক প্ৰত্যাখ্যান কৰিব বুলি লগতে কয় মন্ত্ৰীগৰাকীয়ে ৷  

গৌৰৱ গগৈয়ে হওক বা অন্য কংগ্ৰেছী নেতাই হওক অসমীয়া লোকৰ প্ৰভুত্ব থকা যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সাহস নকৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ ‘‘মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে লোকসভাৰ ১৪ খন আসনৰ ভিতৰত বিজেপিয়ে চাৰে এঘাৰখন আসন লাভ কৰিব ৷ কিন্তু ১৪ খনৰ ভিতৰত ১৪ খন আসন পাবলৈ কষ্ট কৰি থকা হৈছে ।’’ মন্ত্ৰী বৰুৱাৰ মন্তব্য ৷

লগতে পঢ়ক: ডিমা হাচাও নিৰ্বাচনত বিজেপিয়ে আটাইকেইখন আসনতেই জয়লাভ কৰিব: জয়ন্তমল্ল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.