এইখিনি লাভ কৰিবলৈকেই আলফাই যুঁজিছিল ? প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ - দেৱব্ৰত শইকীয়া
🎬 Watch Now: Feature Video


Published : Dec 29, 2023, 10:47 PM IST
নিউজ ডেস্ক, 29 ডিচেম্বৰ : স্বাক্ষৰিত হোৱা আলফা-চৰকাৰৰ শান্তিচুক্তি জৰিয়তে অসমে বিশেষ লাভ কৰা নাই বুলি মন্তব্য কৰিছে বিৰোধী দলপতিগৰাকীয়ে ৷ এইখিনি লাভ কৰিবলৈকেই যদি আলফাই ভাৰতীয় সেনা অথবা ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিছিল তেন্তে আলফাৰ সঠিক সিদ্ধান্ত নাছিল ৷
অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে অমিত স্বাহে 2019ৰ পূৰ্বেই এখন সমিতি গঠন কৰি দিছিল বুলি সোঁৱৰাই দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ আনহাতে আলফা-চৰকাৰৰ চুক্তি অনুসৰি আন যিসমূহ উন্নয়ণমূলক কামৰ কথা কোৱা হৈছে, সেইসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগত চুক্তিৰ প্ৰয়োজন নাই বুলি কয় বিৰোধী দলপতিগৰাকীয়ে ৷
শুকুৰবাৰে স্বাক্ষৰিত শান্তিচুক্তি অনুসৰি যিসমূহ কাম কৰাৰ কথা কোৱা হৈছে, সেইসমূহ চৰকাৰে পূৰ্বেই কৰিবলগীয়া আছিল বুলি কয় দেৱব্ৰত শইকীয়াই ৷ ইয়াৰ বাবে আলফাৰ হেঁচাত কিয় কৰিবলগীয়া হৈছে সেয়া বুজি পোৱা নাই বুলি কয় দেৱব্ৰত শইকীয়াই ৷