thumbnail

By

Published : Mar 12, 2023, 9:02 PM IST

ETV Bharat / Videos

Moran Axis Bank fake ID: মৰাণৰ এক্সিছ বেংক শাখাত আৰক্ষীৰ অভিযান

মৰাণ, 12 মাৰ্চ : মৰাণৰ এক্সিছ বেংক শাখাত ভুৱা একাউণ্ট খুলি ধন হৰলুকি কৰা ঘটনা (Axis Bank Moran branch) পোহৰলৈ অহাৰ পিচতেই দেওবাৰে পুৱাই মৰাণৰ এক্সিছ বেংক শাখাত মৰাণ আৰক্ষীয়ে তীব্ৰ অভিযান চলায় ৷ শেহতীয়াকৈ জৰ্জ্জিনা বেগম নামৰ মহিলাগৰাকীৰ ভুৱা পৰিচয় পত্ৰৰে এক্সিছ বেংকত একাউণ্ট খুলি দুটা মাটিৰ দালালে 23 লাখ টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছিল (Banking fraud at Moran) ৷ 

জৰ্জ্জিনা বেগম নামৰ মহিলাগৰাকীৰ পৰা দালাল চফি আহমেদ আৰু মকছাদ খানে মাটিৰ মালিকস্বত্ব অতি চল-চাতুৰিৰে ব্যৱহাৰ কৰি এক কঠা চাৰি লেচা মাটি দুগৰাকী লোকক বিক্ৰী কৰিছিল । ইয়াৰ পাচতে এগৰাকী ভূমি ক্ৰেতাই ভূমিৰ মূল্য প্ৰায় 23 লাখ টকাৰ এখন চেক জৰ্জ্জিনা বেগমৰ নামত প্ৰদান কৰিছিল (Money looted form fake bank id) ৷ তাৰ পিচতেই দালাল চফি আহমেদ আৰু মকছাদ খানে জৰ্জ্জিনা বেগমৰ নামত ভুৱা পৰিচয় পত্ৰ, ভুৱা চহী ব্যৱহাৰ কৰি এক্সিছ বেংকত একাউণ্ট খুলি সকলো টকা সৰকাই লৈ যায় ৷ 

এই ঘটনাৰ পিচতে জৰ্জ্জিনা বেগমৰ পৰিয়ালে মৰাণ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল ৷ এই এজাহাৰৰ ভিত্তিতেই আজি মৰাণৰ এক্সিছ বেংক শাখাটোত মৰাণ আৰক্ষীয়ে তীব্ৰ অভিযান চলায় (Operation against fake bank id at Moran) ৷  মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ উপাধ্যায়ে জনোৱা অনুসৰি বৰ্তমান সময়লৈকে আৰক্ষীয়ে কোনো লোকক আটক কৰা নাই যদিও পূৰ্ণগতিত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Banking fraud at Moran: ভুৱা নথি আৰু পৰিচয় পত্ৰৰে মৰাণৰ এক্সিছ বেংকৰ পৰা 23 লাখ টকা সৰলুকি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.