Child Marriage: কলিয়াবৰত আটক তিনি বেআইনী স্বামী - কলিয়াবৰত আটক তিনি বেআইনী স্বামী
🎬 Watch Now: Feature Video


Published : Oct 3, 2023, 10:40 PM IST
কলিয়াবৰ, 3 অক্টোবৰ: চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যজুৰি বাল্য বিবাহ বিৰোধী জোৰদাৰ অভিযান চলোৱা হৈছিল ৷ ইয়াৰ পিচতে সাময়িকভাৱে এই অভিযান স্থগিত কৰি ৰখা হৈছিল যদিও সোমবাৰৰ নিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাল্য বিবাহ বিৰোধী অভিযান চলাইছে আৰক্ষীয়ে । ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই ভালেকইজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷
ইয়াৰ সমান্তৰালভাৱে বাল্য বিবাহৰ বিৰুদ্ধে কলিয়াবৰতো চলিছে আৰক্ষীৰ অভিযান । বাল্য বিবাহৰ অভিযোগত আটক তিনিজনকৈ বেআইনী স্বামীক আটক কৰে কলিয়াবৰ আৰক্ষীয়ে । কলিয়াবৰ আৰক্ষীয়ে কলিয়াবৰ চাহ বাগানৰ ১ নং লাইনৰ পৰা এজনক আৰু ৪ নং লাইনৰ পৰা এজনক আটক কৰে ।
আনহাতে, বাগৰি আৰক্ষীয়ে বাগৰিৰ হাৰমতিৰ পৰা আটক কৰে এজন বেআইনী স্বামীক । আটকাধীন লোককেইজন ক্ৰমে কলিয়াবৰ চাহ বাগানৰ ৰাধিকা ৰাজপুত, আৰ্জু কৰ্মকাৰ আৰু বাগৰিৰ হাৰমতিৰ দাবনা মুণ্ডা ৷
লগতে পঢ়ক: Electricity Price hike: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ