Open Transformer at Merapani: মেৰাপানীত উন্মুক্ত ট্ৰেন্সফৰ্মাৰৰ বাবে শংকিত ৰাইজ

By

Published : Mar 30, 2023, 3:45 PM IST

thumbnail

তিতাবৰ, ৩০ মাৰ্চ: মেৰাপানীত বিদ্যুত বিভাগৰ গাফিলতিৰ বাবেই সঘনাই সংঘটিত হৈছে ভয়ংকৰ ঘটনা (Open Transformer in Merapani)। মেৰাপানীৰ পাঠৰি গাঁৱৰ এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰে উদঙাইছে বিদ্যুৎ বিভাগটোৰ ফোপোলা স্বৰূপ । উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোত বিদ্যুৎস্পৃষ্ট হৈ ইতিমধ্যে কেইবাটাও গোধন মৃত্যুমুখত পৰিছে । এই ক্ষেত্রত গাওঁবাসীয়ে কেইবাবাৰো বিদ্যুৎ বিভাগক জনোৱা পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ এটা গো ধনৰ মৃত্যু হোৱাত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ (Allegation against APDCL in Merapani)।  

ইফালে, জনজীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে এই উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৱে । ট্ৰেন্সফৰ্মাৰটো একেবাৰে কাষতে লাগি থকা পাঠৰি গাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও বিপদজনক হৈ পৰিছে (Open Transformer near Pathari Gaon Primary School)। ইয়াকে লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ । ৰাইজে শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ বিভাগটোক দাবী জনাইছে ।

লগতে পঢ়ক:IWF World youth championship: বিশ্ব যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপত বেদব্ৰত ভৰালীৰ ব্ৰঞ্জৰ পদক অৰ্জন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.