নেশ্যনেল ডেস্ক, ২০ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় 'পিএম বিশ্বকৰ্মা' শীৰ্ষক এক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ, অজিত পাৱাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকে ।
পিএম বিশ্বকৰ্মা
পিএম বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি প্ৰদৰ্শনৰ উদ্দেশ্যে এই ৰাষ্ট্ৰীয় 'প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা' কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি এই অনুষ্ঠানটো সম্বোধন কৰাৰ কথা আছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে পিএম বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলক প্ৰমাণপত্ৰ আৰু ঋণ বিতৰণ কৰিব ।
শিল্পীসকলক আগবঢ়োৱা প্ৰকৃত সমৰ্থনৰ প্ৰতীক স্বৰূপে তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ অধীনত ১৮ টা ব্যৱসায়ৰ সৈতে জড়িত ১৮ গৰাকী হিতাধিকাৰীক ঋণ বিতৰণ কৰিব । ইফালে সমাজলৈ তেওঁলোকৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে এক বিশেষ ডাক টিকটো মুকলি কৰিব ।
পিএম মিত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত পিএম মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়নছ এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰিব । মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমে (এমআইডিচি) ৰাজ্যিক সংস্থাৰ সহযোগত ১০০০ একৰ ভূমিত উদ্যানখন নিৰ্মাণ কৰিব ।
ভাৰত চৰকাৰে বস্ত্ৰ উদ্যোগৰ বাবে ৭ খন পিএম মিত্ৰ উদ্যান স্থাপনৰ বাবে অনুমোদন জনাইছিল । পিএম মিত্ৰ পাৰ্ক হৈছে ভাৰতক বস্ত্ৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।
আচাৰ্য চাণক্য দক্ষতা বিকাশ কেন্দ্ৰ আঁচনি
একেদৰে প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ 'আচাৰ্য চাণক্য দক্ষতা বিকাশ কেন্দ্ৰ' আঁচনিৰো শুভাৰম্ভ কৰিব । ১৫ৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে ৰাজ্যৰ একাংশ মহাবিদ্যালয়ত দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ'ব । যাৰ ফলত লোকসকল স্বাৱলম্বী হ'ব পাৰিব আৰু বিভিন্ন নিযুক্তিৰ সুযোগ লাভ কৰিব । এই দক্ষতা বিকাশ কেন্দ্ৰৰ দ্বাৰা ৰাজ্যজুৰি প্ৰায় ১,৫০,০০ যুৱক-যুৱতীয়ে প্ৰতি বছৰে বিনামূলীয়া প্ৰশিক্ষণ লাভ কৰিব পাৰিব ।
পুণ্যশ্লোক অহল্যাদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি
প্ৰধানমন্ত্ৰীয়ে 'পুণ্যশ্লোক অহল্যাদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি'ৰো শুভাৰম্ভ কৰিব । এই আঁচনিখনৰ অধীনত মহাৰাষ্ট্ৰত মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপবোৰক প্ৰাৰম্ভিক পৰ্যায়ৰ সমৰ্থন প্ৰদান কৰা হ'ব । তেওঁলোকক ২৫ লাখ টকালৈকে বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব । এই আঁচনিৰ অধীনত ২৫ শতাংশ পিছপৰা শ্ৰেণী আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ মহিলাসকলৰ বাবে সংৰক্ষিত কৰা হ'ব ।
লগতে পঢ়ক :ভাৰতৰ আটাইতকৈ ধনী আৰু দুখীয়া ৰাজ্যসমূহ; অসমৰ স্থান ক'ত ? - Richest and Poorest Indian states