ETV Bharat / international

প্ৰধানমন্ত্ৰী মোদীক কুৱেইটৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান - KUWAIT HIGHEST CIVILIAN AWARD

কুৱেইটৰ আমিৰ শ্বেখ মেশ্বাল আল-আহমদ আল-জাবেৰ আল চাবাহে প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ অসামৰিক সন্মান 'দ্য অৰ্ডাৰ অফ মুবাৰক আল কাবিৰ' প্ৰদান কৰে ।

The Order of Mubarak Al Kabeer
প্ৰধানমন্ত্ৰী মোদীক কুৱেইটৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান (ANI)
author img

By ANI

Published : Dec 22, 2024, 7:24 PM IST

কুৱেইট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰৱত উপস্থিত হয় । এই ভ্ৰমণৰ সময়তে দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীক কুৱেইটৰ সৰ্বোচ্চ অসামৰিক সন্মান 'দ্য অৰ্ডাৰ অফ মুবাৰক আল কাবিৰ' প্ৰদান কৰা হয় । কুৱেইটৰ আমিৰ শ্বেখ মেশ্বাল আল-আহমদ আল-জাবেৰ আল চাবাহে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে । 'অৰ্ডাৰ অফ মুবাৰক আল কাবিৰ' ৰাষ্ট্ৰপ্ৰধান, বিদেশী সাৰ্বভৌম আৰু বিদেশী ৰাজপৰিয়ালৰ সদস্যসকলক প্ৰদান কৰা হয় ।

কুৱেইটৰ আমিৰৰ সৈতে দ্বিপাক্ষিক বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটত মেশ্বাল আল-আহমদ আল-জাবেৰ আল চাবাহৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে প্ৰধানমন্ত্ৰী মোদী আৰু কুৱেইটৰ আমিৰৰ মাজত হোৱা বৈঠকৰ বিষয়ে উল্লেখ কৰি কয় যে তেওঁলোকৰ বৈঠকত ভাৰত-কুৱেইট দ্বিপাক্ষিক সম্পৰ্কক নতুন দিশলৈ লৈ যোৱাৰ উপায় অন্বেষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে । এক্সৰ এটা পোষ্টত জয়ছোৱালে লিখিছে, "এক গুৰুত্বপূৰ্ণ পদক্ষেপ: ভাৰত-কুৱেইট সম্পৰ্ক 'কৌশলগত অংশীদাৰিত্ব'লৈ উন্নীত ! প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটৰ বায়ান পেলেচত কুৱেইটৰ আমিৰক সাক্ষাৎ কৰে ।"

পোষ্টটোত লগতে কোৱা হৈছে যে কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ কল্যাণৰ বাবে লোৱা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীয়ে আমিৰক কৃতজ্ঞতা জ্ঞাপন কৰে ।"

প্ৰধানমন্ত্ৰী মোদীক গাৰ্ড অৱ অনাৰ প্ৰদান

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে উপসাগৰীয় দেশখনলৈ তেওঁৰ ৰাজ্যিক ভ্ৰমণৰ সময়ত কুৱেইটত এক অনুষ্ঠানত গাৰ্ড অৱ অনাৰ লাভ কৰে । প্ৰধানমন্ত্ৰী মোদীক কুৱেইটৰ বায়ান পেলেচত আনুষ্ঠানিক গাৰ্ড অফ অনাৰ প্ৰদান কৰা হয় । অনুষ্ঠানটোৰ সময়ত কুৱেইটৰ আমিৰো উপস্থিত আছিল ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক্সৰ পোষ্টত এই সন্দৰ্ভত উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী মোদীক কুৱেইটৰ বায়ান পেলেচত আনুষ্ঠানিক আদৰণি আৰু গাৰ্ড অফ অনাৰ প্ৰদান কৰা হয় । কুৱেইটৰ প্ৰধানমন্ত্ৰী এইচ এইচ শ্বেখ আহমদ আব্দুল্লাহ আল-আহমদ আল-চাবাহে উষ্ম আদৰণি জনায় ।

উল্লেখ্য যে কুৱেইটৰ আমিৰৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইট ভ্ৰমণলৈ কৰিছে । ৪৩ বছৰত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ কুৱেইটলৈ এয়া প্ৰথম ভ্ৰমণ । এই ভ্ৰমণৰ অংশ হিচাপে শনিবাৰে প্ৰধানমন্ত্ৰীয়ে কুৱেইটত থকা ভাৰতীয় লোকসকলৰ সৈতে বাৰ্তালাপ কৰে ।

লগতে পঢ়ক :বাংলাদেশ-পাকিস্তানত কিমান হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে ? কেন্দ্ৰই দিলে তথ্য - VIOLENCE AGAINST HINDUS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.