ETV Bharat / sports

চেন্নাই টেষ্টত বুুমৰাহৰ ধুমুহা; সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল - IND VS BAN 1ST TEST

author img

By ETV Bharat Sports Team

Published : 3 hours ago

Jasprit Bumrah bowled Shadman Islam: চেন্নাই টেষ্টৰ প্ৰথম ইনিংছত বেটিং বিপৰ্যয় ঘটিছে বাংলাদেশৰ ৷ ইনিংছৰ প্ৰথম অভাৰত ভাৰতৰ দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহে ক্লীন বল কৰি ক্ৰিজৰ পৰা বিদায় দিয়ে শদমান ইছলামক । যি ভিডিঅ’ পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷

IND VS BAN 1ST TEST
চেন্নাই টেষ্টত বুুমৰাহৰ ধুমুহা (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 20 ছেপ্টেম্বৰ: চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত চলি আছে ভাৰত আৰু বাংলাদেশৰ মাজৰ প্ৰথমখন টেষ্ট মেচ ৷ শুকুৰবাৰে দ্বিতীয় দিনটোৰ আৰম্ভণিতে আটাইকেইটা উইকেটৰ বিনিময়ত 376 ৰাণত ইনিংছ সামৰে ভাৰতে ৷

ইয়াৰ পাছতে ইনিংছ মুকলি কৰিবলৈ ক্ৰিজলৈ আহে বাংলাদেশৰ অ’পেনিং যুটি শদমান ইছলাম আৰু জাকিৰ হাছান ৷ কিন্তু, ভাৰতৰ তাৰকা দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহে প্ৰথম অভাৰতে এই যুটি ভাঙি ভাৰতক দিয়ে এক সুন্দৰ আৰম্ভণি ।

বুমৰাহৰ দুৰ্দান্ত বলিঙৰ ভিডিঅ’ ভাইৰেল

বাংলাদেশৰ বিৰুদ্ধে ইনিংছৰ প্ৰথম অভাৰত বলিং কৰিবলৈ অধিনায়ক ৰোহিত শৰ্মাই দায়িত্ব দিছিল দলৰ ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহক । বাওঁহতীয়া বেটছমেন শদমান ইছলামে অভাৰৰ দ্বিতীয় বলত 2 ৰাণ সংগ্ৰহ কৰি নিজৰ লগতে দলৰ খাটা মুকলি কৰে ৷ কিন্তু অভাৰৰ পঞ্চমটো বলত বুমৰাহে ক্লিন বল কৰি বেটছমেনগৰাকীক ক্ৰিজৰ পৰা বিদায় দিয়ে ৷ পৰৱৰ্তী সময়ত এই ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷

প্ৰথম ইনিংছত ভাৰতৰ স্ক’ৰ (376/10)

চেন্নাই টেষ্টৰ প্ৰথম ইনিংছত ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 376 ৰাণ । ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে তাৰকা অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনে ৷ খেলুৱৈগৰাকীয়ে ঘৰুৱা খেলপথাৰত সংগ্ৰহ কৰে 113 ৰাণৰ দৰ্শনীয় ইনিংছ ৷

দলৰ আন এগৰাকী তাৰকা ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাই অৱশ্যে বঞ্চিত হয় শতক অৰ্জনৰ পৰা ৷ জাদেজাই 86 ৰাণত আউট হৈ পেভিলিয়নলৈ উভতি আহে । দলৰ অ’পেনিং বেটছমেন যশস্বী জয়ছোৱালেও সংগ্ৰহ কৰে অন্যতম অৰ্ধশতক(56) ৷

চেন্নাই টেষ্টৰ প্ৰথম ইনিংছত বাংলাদেশৰ হৈ সোঁহতীয়া দ্ৰুত বলাৰ হাছান মাহমুদে সৰ্বাধিক 5 টাকৈ উইকেট দখল কৰে । দলটোৰ হৈ টাস্কিন আহমেদেও লাভ কৰে 3 টা উইকেট ৷

লগতে পঢ়ক: এবাৰ দুবাৰ নহয়, বাৰে বাৰে শূন্যত আউট হৈ লজ্জাজনক অভিলেখ শুভমন গিলৰ - SHUBMAN GILL RECORD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.