গুৱাহাটী, ২০ ছেপ্টেম্বৰ : অসমৰ বাবে অভিশাপস্বৰূপ বানপানীয়ে প্ৰত্যেক বছৰে ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে । শেহতীয়াকৈ হোৱা বানপানীতো ৰাজ্যখনে বিস্তৰ ক্ষতিসাধনৰ সন্মূখীন হ'বলগীয়া হয় । এইবাৰৰ বাৰিষাত দুটাকৈ বানে ৰাজ্যৰ ১,৩৬,০০৫.১৬ হেক্টৰ কৃষিভূমি নষ্ট কৰাৰ উপৰি ক্ষতিগ্ৰস্ত কৰিছে ২,০০,৮১৪ টা পৰিয়ালক । তদুপৰি বানপানীত ক্ষতিগ্ৰস্ত হৈছে ৩৫ খন জিলাৰ ৭,৩০৫ খন ৰাজহগাঁও । এই তথ্য ৰাজ্য চৰকাৰৰ । বিধানসভাৰ শেহতীয়া শৰৎকালীন অধিৱেশনত মন্ত্ৰী অতুল বৰাই এই তথ্য প্ৰকাশ কৰিছিল ।
বান ক্ষতিগ্ৰস্ত কৃষকৰ বাবে চৰকাৰে কি ব্যৱস্থা লৈছে :
বানপানীত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলকৰ বাবে চৰকাৰৰ কৃষি বিভাগে সমূহীয়া কঠীয়াতলী প্ৰস্তুতিৰ জৰিয়তে ২,০৫০ হেক্টৰ কঠীয়া প্ৰস্তুত কৰি ২০,৫০০ হেক্টৰ মাটিত কঠীয়া ৰোপণ কৰাৰ ব্যৱস্থা কৰিছে । ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে ১৯,৫৯২ কুইণ্টল ধানৰ বীজ যোগান ধৰি ৪৮,৯৮১ হেক্টৰ মাটিত খেতি কৰাৰ সুবিধা কৰি দিয়া হৈছে । বানপানী হৈ যোৱাৰ পিচত পোক-পৰুৱা, ৰোগ আদি নিৰাময়ৰ বাবে বিভিন্ন লাগতিয়াল ঔষধ যোগানৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে উচ্চ উৎপাদনক্ষম বৰো ধানৰ বীজ, সৰিয়হৰ বীজ, বাদাম, আলু, নহৰু, মটৰ মাহ, মিলেট আদি ৰবিকালীন শস্যৰ বীজ আৰু কে ভি বাই/এন এফ এছ এম যোজনাৰ জৰিয়তে যোগান ধৰি কৃষকক সকাহ দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হৈছে । পি এম এফ বি ৱাই আঁচনিৰ অধীনত ৬,২১,৮২৮ জন কৃষকৰ ৪,৩৯,২৯৩ হেক্টৰ মাটিত বীমাকৰণ কৰা হৈছে ।
ফচল বীমা যোজনা :
২০২৩-২৪ বৰ্ষত ফচল বীমা যোজনাত ৮,২৮,২২৬ কৃষকৰ নাম পঞ্জীয়ন কৰা হৈছে আৰু ২০২৪ বৰ্ষৰ খাৰিফ বতৰত ৰাজ্যৰ প্ৰায় ৫,৩০,০০০ গৰাকী কৃষকৰ নাম ফজল বীমা যোজনাৰ অধীনত পঞ্জীয়ন কৰা হৈছে ।
চলিত বাৰিষাৰ দুটাকৈ বানত ৫৩০ কোটি টকাৰ ক্ষয়-ক্ষতি :
দশক দশক ধৰি ৰাজ্যবাসীয়ে কম-বেছি পৰিমাণে প্ৰত্যেক বছৰেই বানপানীৰে যুঁজ দি আহিছে । এইবাৰো বাৰিষা দুটাকৈ বানে ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰিছে । দুটাকৈ বানে ৰাজ্যজুৰি কৰা ক্ষয়-ক্ষতিৰ হিচাপ উলিয়াই ক্ষতিৰ পৰিমাণ এটা নিৰূপণ কৰিছে ৰাজ্য চৰকাৰে । বানৰ কৱলত পৰা সংশ্লিষ্ট জিলাৰ জিলা আয়ুক্ত সকলে ইতিমধ্যে উলিওৱা হিচাপ অনুসৰি এইবাৰৰ বাৰিষাৰ দুটা বানে ৰাজ্যৰ প্ৰায় ৫৩০ কোটি টকাৰ আন্তঃগাথনিকে ধৰি সা-সাম্পত্তিৰ ক্ষতি কৰিছে । সবাতকৈ অধিক ক্ষতি হৈছে ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাৰ ।
বানত ৰাজ্যৰ ২২০০ কিলোমিটাৰৰো অধিক পথ ক্ষতিগ্ৰস্ত হ'ল । আনকি ২১টা স্থানত বানে পথ ছিঙি থৈ গ'ল । একেদৰে বানত ৩৪ টা কালভার্ট তথা সৰু দলঙৰ ভঙাৰ লগতে ১৫ টা মথাউৰি ছিগিল । বানত ক্ষতি হোৱা মথাউৰিৰ সংখ্যা হৈছে ২৯৪ টা । ইফালে কেন্দ্ৰীয় চৰকাৰ হাতত ৰাজ্য চৰকাৰে বানৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত দাঙি ধৰা তথ্য অনুসৰি দুটাকৈ হোৱা বানত ৰাজ্যৰ ১৩৫টা ট্ৰেন্সফৰ্মাৰ বিকল হোৱাৰ লগতে ১১৯০টা বিদ্যুৎ খুঁটা আৰু ৪৩০ কিলমিটাৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ ক্ষতি হৈছে ।
তদুপৰি বানত ৪৯৯ টা পানী যোগান কেন্দ্ৰ, ৪৯ টা স্বাস্থ্য কেন্দ্ৰ, ৩২৭ খন পানী যোগান আঁচনি, ১১৬০ টা অংগনৱাড়ী কেন্দ্ৰ, ১৬৭৩ খন বিদ্যালয়ৰ ক্ষতি হৈছে । ৰাজ্যৰ ৩৫ জিলাতে কম-বেছি পৰিমাণে হোৱা বানৰ ফলত মুঠ ৪৭০০ টা গৃহৰ বিস্তৰ তথা সম্পূর্ণৰূপে আৰু ২২০০টা বাসগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । এইবাৰৰ দুটাকৈ বানত ৰাজ্যৰ ৯৮ গৰাকী লোকৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত কাছাৰ জিলাতে ২২ গৰাকীকৈ লোকৰ মৃত্যু হৈছে । আনহাতে ভূমিস্থলনত মৃত্যু হৈছে ১০ গৰাকী লোকৰ । এইবাৰ ২৮ মে'ৰ পৰা ১৫ জুনলৈকে হোৱা দুটাকৈ বানত ৰাজ্যখনৰ হোৱা বিস্তৰ ক্ষয়-ক্ষতিৰ কথা প্ৰকাশ কৰি ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা ৫৩০ কোটি টকা বিচাৰিছে । ইয়াৰে ভিতৰত প্ৰায় ৩০০ কোটি টকাই ৰাজ্যৰ আন্তঃগাথনিৰ পুনৰ নিৰ্মাণত ব্যয় হ’ব ।
ইফালে প্ৰত্যেক বছৰৰ দৰে এইবাৰো শেহতীয়াকৈ অসমলৈ আহি বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদর্শন কৰি গৈছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলে । কেন্দ্ৰীয় চৰকাৰৰ দলটোৱে দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ওচৰত দাখিল কৰিব প্ৰতিবেদন । উক্ত প্ৰতিবেদনৰ ভিত্তিতেই কেন্দ্ৰীয় চৰকাৰে অসমলৈ আগবঢ়াব বান সাহায্য ।
লগতে পঢ়ক :