thumbnail

ULFA (I) linkman detained: আলফা (স্বাধীন)ৰ লিংক মেনৰ সন্দেহত জামুগুৰিহাটত এজনক আটক

By

Published : Aug 14, 2023, 4:59 PM IST

চতিয়া, 14 আগষ্ট: স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান সময় ৷ এইবাৰ দেশৰ লগতে ৰাজ্যতো 77 সংখ্যক স্বাধীনতা দিৱস উলহে মালহে পালনৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ ৷ ইয়াৰ সমান্তৰালকৈ এই স্বাধীনতা দিৱসৰ ক্ষণত ৰাজ্যখনত কোনো যাতে কূটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষী তথা প্ৰশাসনে ৷ 

ইয়াৰে মাজতে সোমবাৰে আলফা (স্বাধীন)ৰ লিংক মেনৰ সন্দেহত জামুগুৰিহাটত এজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷ ঘটনা প্ৰসংগত জানিব পৰা মতে, জামুগুৰিহাটৰ নিকতৱৰ্তী টুপীয়াৰ ৰণজিৎ বড়ো নামৰ যুৱকজনে আলফা (স্বাধীন) ই স্বাধীনতা দিৱস বৰ্জন কৰাৰ বাবে আপলোড কৰা পোষ্ট সামাজিক মাধ্যমযোগে প্ৰচাৰ চলাইছিল। ইতিমধ্যে যুৱকজনক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে জামুগুৰি আৰক্ষীয়ে ৷

লগতে পঢ়ক: FIR against web portal: বিবাহিত মহিলাই অশ্লীল ভিডিঅ’ৰ বেহা কৰা অপবাদ সংবাদ মাধ্যমৰ; থানাত এজাহাৰ দাখিল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.