thumbnail

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 12:04 PM IST

ETV Bharat / Videos

বজাৰৰ পৰা মাছ আনিবলৈ গৈ 8 দিনে সন্ধান নাই ৰঞ্জিত মাঝি নামৰ ব্যক্তিৰ

ডিব্ৰুগড়, 23 নৱেম্বৰ : প্ৰতিদিনৰ দৰে যোৱা 15 নৱেম্বৰৰ পুৱা বজাৰৰ পৰা মাছ আনিবলৈ গৈছিল ৰঞ্জিত মাঝি নামৰ লোকজনে ৷ কিন্তু বজাৰৰ পৰা মাছ আনিবলৈ গৈ বৰ্তমানেও সন্ধান নাই মাঝিৰ ৷ যাৰ বাবে কান্দোনত ভাগি পৰিছে মাঝিৰ পত্নী আৰু সন্তান ৷ পত্নী-সন্তানক এৰি কলৈ গ’ল ৰঞ্জিত ! তাকে লৈ স্থানীয় ৰাইজৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে, সন্ধানহীন নামৰূপৰ ৰঞ্জিত মাঝিয়ে মৰাণৰ সমীপৰ খোৱাঙত এটা ভাড়াঘৰত পৰিয়ালৰ সৈতে বসবাস কৰিছিল ৷ পেচাত এজন কাঠমিস্ত্ৰী মাঝি সন্ধানহীন হোৱাত এতিয়া নিৰুপায় হৈ পৰিছে সন্ধানহীন মাঝিৰ পত্নী ৷ ইফালে  সমগ্ৰ ঘটনাৰ সন্দৰ্ভত খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে ৷

আনহাতে মাঝিৰ নিৰুদ্দেশৰ সন্দৰ্ভত মাঝিৰ পত্নীয়ে কয়, ‘‘বজাৰৰ পৰা মাছ আনিবলৈ যাওঁ বুলি গৈ আজি 8 দিনে সন্ধান নাই ৰঞ্জিতৰ ৷ মই তেওঁলোকৰ পৰিয়ালৰ সৈতেও যোগাযোগ কৰিছো ৷ কিন্তু তেওঁলোকেও ৰঞ্জিতক লগ পোৱা নাই বুলিয়ে কয় ৷ এফালে সৰু ল’ৰাটোৱে দেউতাকক বিচাৰি কান্দি থাকে ৷’’ 

কোনো লোকে ৰঞ্জিতৰ সন্ধান পালে 99544-60862 নম্বৰত যোগাযোগ কৰিবলৈ মাঝিৰ পত্নীয়ে ৰাইজলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:চাবুৱাত জল জীৱন মিছন প্ৰকল্পত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটি শিশুৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.