thumbnail

By

Published : Aug 19, 2023, 7:11 AM IST

ETV Bharat / Videos

Fire incident in Haflong: নিজ ঘৰতেই অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ

হাফলং, 19 আগষ্ট : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত এগৰাকী ব্যক্তি নিজ ঘৰতেই অগ্নিদগ্ধ হৈ মৃত্যুক আকোঁৱালি লোৱা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে ৰহস্যৰ । অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকজন ইন্দ্ৰজিত কৰ বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, ইন্দ্ৰজিত কৰে চোফাত শুই থকা অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যুক আকোঁৱালি লয় । 

ৰহস্যজনক বিষয়টো হ’ল অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ইন্দ্ৰজিত কৰৰ ভৰি বাদ দি সমগ্ৰ শৰীৰ জ্বলি গৈছে । কেনেকৈ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল সেয়া লৈ ৰহস্যৰ সৃষ্টি হৈছে । ইপিনে খবৰ পোৱাৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় হাফলং আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ৷ অৱশ্যে বৰ্তমানেও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ ৷ হাফলং আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । বৰ্তমান মৃতদেহটো হাফলং অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে । 

লগতে পঢ়ক: Indrani Tahbildar case : ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যা; দ্বীবন ডেকাক গ্ৰেপ্তাৰ চান্দমাৰী আৰক্ষীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.