One person died of electric shock: নামৰূপত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

By

Published : Aug 3, 2023, 7:44 AM IST

thumbnail

নাহৰকটীয়া, 3 আগষ্ট : ডিব্ৰুগড় জিলাৰ নামৰূপত অঘটন ৷ বুধবাৰে নিশা নামৰূপত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ নিশাৰ ভাগত অহা প্ৰচণ্ড বতাহত বিদ্যুতৰ তাঁৰ ছিগি এগৰাকী ব্যক্তিৰ ওপৰত পৰে ৷ ফলত বিদ্যুৎস্পৃষ্ট থিতাতে নিহত হয় ব্যক্তিগৰাকী ৷ নিহত ব্যক্তিগৰাকী নামৰূপৰ নং দোৱনীয়া গাঁৱৰ বাসিন্দা মন্টু তাঁতি (47) বুলি জানিব পৰা গৈছে ৷

স্থানীয় লোক উল্লেখ কৰা অনুসৰি, বুধবাৰে নিশা প্ৰায় 9:30 বজাত বজাৰৰ পৰা, ঘৰৰ অভিমুখে আহি আছিল মন্টু তাঁতি ৷ তেনে সময়তে নামৰূপৰ পেট্ৰ’ল ডিপ’ সমীপৰ খেৰমিয়া গাঁৱত সংঘটিত হয় এই অঘটনটো ৷ ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত আৰক্ষী তথা প্ৰশাসনৰ লোক উপস্থিত হৈ নিহত ব্যক্তিজনক উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷

লগতে পঢ়ক : Electrical appliances burnt: বিদ্যুতৰ ভল্টেজ বৃদ্ধি হৈ জ্বলিল বৈদ্যুতিক সামগ্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.