thumbnail

By

Published : Aug 30, 2022, 2:19 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

মৰাণত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰভাৱে চলাই থকা পৰিলক্ষিত হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰাণতো চলিছে ড্ৰাগছ,গাঞ্জা বিৰোধী অভিযান(Anti drugs mission) । মৰাণ আৰক্ষীয়ে দিখাৰী নেপালী গাওঁত পোনা গোহাঁই নামৰ ব্যক্তিজনৰ ঘৰত সোমবাৰৰ নিশা অভিযান চলাই 1 কিলো 120 গ্ৰাম গাঞ্জা (Drug seized at Moran)জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে পোনা গোহাঁইক গ্ৰেপ্তাৰ কৰিছে (One person arrested with ganja at Moran)। মৰাণ আৰক্ষীয়ে Case no.87/22Sec 20 ( b ) ndps act /rws 4 অধীনত পোনা গোহাঁইক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে । মৰাণৰ আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে আৰক্ষীৰ জিম্মাত থকা পোনা গোহাঁইয়ে দীৰ্ঘদিনৰ পৰা গাঞ্জা ব্যৱসায় কৰি আহিছিল । বিশেষকৈ স্কুল কলেজৰ ল'ৰা বিলাকক গাঞ্জা যোগান ধৰি অহা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । তদন্তৰ অন্তত অধিক লোক আটক হোৱাৰ সম্ভাৱনা আছে বুলি জনায় আৰক্ষী বিষয়া গৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.