ক’ত হেৰাল লংকে ? তিনিদিন ধৰি অব্যাহত উদ্ধাৰ অভিযান

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 9:28 PM IST

thumbnail

মিৰ্জা, 10 ডিচেম্বৰ : মহানগৰীৰ গাতে লাগি থকা দীপৰ বিলত ৰহস্যজনকভাৱে নিৰুদ্দেশ এজন লোক । ঘটনা অনুসৰি যোৱা শুকুৰবাৰে খানামুখত ভাৰাতীয়া হিচাপে থকা ওদালগুৰিৰ সোনাজুলীৰ লংকে কোঁৱৰ নামৰ এজন লোকে সহযোগীৰ সৈতে দীপৰ বিলৰ বুকুত মেটেকা গুচাবলৈ গৈছিল । কিন্তু মেটেকা চাফা কৰিবলৈ আহি বিলতে ৰহস্যজনকভাৱে নিখোঁজ হৈ থাকে লংকে নামৰ লোকজন । তাৰ পিচতে পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷

লোকজনে সহযোগীৰ সৈতে আহি নিৰুদ্দেশ হোৱাত সহযোগীৰ ওপৰতেই সন্দেহ উপজিছে পৰিয়ালৰ লোকৰ । ইয়াৰ পিচতে ঘটনাস্থলীত যোৱা তিনিদিন ধৰি SDRF, NDRF য়ে অভিযান চলাই আছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ সম্ভেদ নাই পোৱা লোকজনৰ । দুটা কণ কণ শিশুৰ পিতৃ লংকে ৷ এনেদৰে লোকজন নিৰুদ্দেশ হোৱাত অসহায় হৈ পৰিছে পত্নী ৷

লগতে পঢ়ক: মটৰ চাইকেলেৰে ৬৭ খন দেশ ভ্ৰমণ কৰিব গুৱাহাটীৰ মীনাক্ষী দাসে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.