Missing news : বহিঃৰাজ্যত সন্ধানহীন টিংখাঙৰ যুৱক; মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী - টিংখাং আৰক্ষী থানা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 4, 2023, 9:05 AM IST

ডিব্ৰুগড়, 4 জুলাই : বহিঃৰাজ্যত পুনৰ আক্ৰমণৰ বলি অসমৰ যুৱক । ৰে’লৰ ভিতৰতে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ সন্ধানত যোৱা টিংখাঙৰ এজন যুৱক । যোৱা 24 জুনৰ দিনা ডিব্ৰুগড় ৰে’ল ষ্টেচনৰ পৰা বিবেক এক্সপ্ৰেছ ৰেলযোগে কেৰালালৈ গৈছিল ডিব্ৰুগড় জিলাৰ টিংখাঙৰ 2 নং ধাদুমীয়া গাঁৱৰ ধেলা দিহিঙ্গীয়া ( 45 ) নামৰ ব্যক্তিজন ৷ ৰে'লৰ ভিতৰতে সামান্য কথাতে এটা দুষ্ট চক্ৰই মাৰপিট কৰি ৰে'লৰ পৰা গতিয়াই যুৱকজনক নমাই দিয়ে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । আক্ৰমণৰ বলি ধেলা দিহিঙ্গীয়াই সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক ফোনযোগে অৱগত কৰে আৰু কেৰালালৈ নগৈ উক্ত স্থানৰ পৰাই ঘৰলৈ ঘূৰি যোৱাৰ কথা ব্যক্ত কৰে । 

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, ধেলা দিহিঙ্গীয়াই হাওৰা এক্সপ্ৰেছত পুনৰ ঘৰলৈ উভতি আহিছিল যদিও যোৱা 28 জুনৰ পৰা ব্যক্তিজনৰ সৈতে পৰিয়ালটোৰ সংযোগ বিচ্ছিন্ন হৈ পৰে । আনহাতে শিলিগুৰিৰ ওচৰত উক্ত ৰে'লখনৰ এটা ডবাত ব্যক্তিজনৰ মানিবেগ আৰু পৰিচয় পত্ৰ উদ্ধাৰ কৰা হৈছে বুলি এজন ব্যক্তিয়ে পৰিয়ালটোক অৱগত কৰে । এই সন্দৰ্ভত স্থানীয় টিংখাং আৰক্ষী থানাত পৰিয়ালটোৱে জনাইছে যদিও ব্যক্তিজনৰ আজিলৈকে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালবৰ্গই । 

উল্লেখযোগ্য যে দৰিদ্ৰ পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী ধেলা দিহিঙ্গীয়া সন্ধানহীন হৈ পৰাত ঘৰখনত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । দুৰ্ভগীয়া পৰিয়ালটোৱে যিকোনো প্ৰকাৰে নিৰুদ্দিষ্ট লোকজনৰ সন্ধান উলিয়াবলৈ আৰক্ষী প্ৰশাসন, স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে । 

লগতে পঢ়ক : Case Diary missing: ৩৮ বছৰ পুৰণি গোচৰৰ কেছ ডায়েৰীক লৈ গৃহ বিভাগত হাহাকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.