Dibrugarh Incident: পথৰ উন্মুক্ত গাঁতে টিংখাঙত প্ৰাণ ল’লে এজনৰ - Dibrugarh News
🎬 Watch Now: Feature Video
Published : Sep 10, 2023, 4:31 PM IST
ডিব্ৰুগড়, 10 ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশনাকো ভেঙুচালি কৰিছে একাংশ ঠিকাদাৰে ৷ পথ নিৰ্মাণ কোম্পানীৰ মইমতালিত আকৌ এজন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে । এইবাৰ গুৱাহাটী ৰাজপথত নহয়, এইবাৰ ডিব্ৰুগড়ৰ টিংখাঙত সংঘটিত হৈছে এই ঘটনা ৷
ঐতিহাসিক মাহমৰা আলিৰ টিংখাঙৰ বগাদাঁত চাৰিআলিৰ সমীপত কালভাৰ্ট নিৰ্মাণৰ বাবে পথটোৰ আধাতকৈ বেছি অংশ খান্দি উন্মুক্তভাৱে থোৱা আছে ৷ উল্লেখ্য যে বৃন্দাবন প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ পথ নিৰ্মাণ কোম্পানীৰ অধীনত উক্ত পথচোৱা নিৰ্মাণ কৰি আছে ৷ কিন্তু ঠিকাদাৰৰ গাফিলতিৰ বাবে উন্মুক্ত হৈ আছে গাঁত ৷ যাৰ ফলত ৰাজেশ ওৰাং নামৰ লোকজন গাঁতত পৰি মৃত্যু হৈছে ৷ মৃত লোকজন টিংখাঙৰ দিল্লীবাৰী বৰলাইনৰ বুলি জানিব পৰা গৈছে ৷ দেওবাৰে পুৱাই লোকজন এখন চাইকেলেৰে আহি থকা অৱস্থাত উক্ত কালভাৰ্টটোৰ নিৰ্মাণ কৰিবলৈ খন্দা গাঁতটোত পৰি মৃত্যুমুখত পৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷
লগতে পঢ়ক:Tribute to Bhupen Hazarika: গীতৰে সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ বিধায়ক প্ৰশান্ত ফুকনৰ