তীব্ৰবেগী বাইকৰ খুন্দাত নিহত পথচাৰী, এজন আহত - One Death in Road Accident
🎬 Watch Now: Feature Video


Published : Jan 14, 2024, 2:20 PM IST
নলবাৰী, 14 জানুৱাৰী : ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে শনিবাৰে নলবাৰী জিলাৰ বৰতলাত ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । তীব্ৰবেগী বাইকে খুন্দিয়ালে পথচাৰীক । এই দুৰ্ঘটনাত এজন পথচাৰী থিতাতে নিহত হোৱাৰ লগতে এজন লোক আহত হয় । এখন দুচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এজন পথচাৰীক প্ৰচণ্ড জোৰে খুন্দা মাৰে । নিহত পথচাৰীজন কেশৱ বৰ্মন লগতে আহত বাইকখনৰ চালক বাবুল ইছলাম বুলি জানিব পৰা গৈছে ।
ইয়াৰ পিচকে আহত লোকজনক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও আঘাত গুৰুতৰ হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে । দুৰ্ঘটনাটোত নিহত লোকজনৰ ঘৰ বৰতলাতে বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত পতিত দুচকীয়া বাহন খনৰ নম্বৰ AS 15 N 3168 ।
এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতে দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি বৰতলাত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় । এই দুৰ্ঘটনাৰ পিচতে অঞ্চলটোৰ একাংশ ক্ষুদ্ধ ৰাইজে দুৰ্ঘটনাস্থলীত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ফলত প্ৰায় দুঘন্টা ধৰি স্তব্ধ হৈ পৰে হাজো-দৌলাশাল-গুৱাহাটী পথ । ঘটনাস্থলীত মুকালমুৱা আৰক্ষী, বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
লগতে পঢ়ক: কৰিমগঞ্জৰ মিথু বিশ্বাস হত্যাকাণ্ডৰ ৫ অভিযুক্তক গ্ৰেপ্তাৰ