সোণাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 7:35 PM IST

thumbnail

সোণাপুৰ, ২ জানুৱাৰী: সোণাপুৰৰ বৰখাটৰ কাৰ্তিক মন্দিৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ উজনিৰ পৰা গুৱাহাটী অভিমুখী AS 01 FU 0619 নম্বৰৰ এখন তীব্ৰবেগী ব্ৰীজাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় একে দিশেৰে আহি থকা এজন লোক ।

ইয়াৰ পিচতেই উত্তপ্ত হৈ পৰে পৰিৱেশ । গুৰুতৰভাৱে আহত লোকজনক স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ সোণাপুৰস্থিত জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ইতিমধ্যে লোকজনৰ মৃত্যু হোৱা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।

মৃত লোকজনৰ নাম ৩২ বছৰীয়া মৃদুল বৰ্মন আৰু লোকজনৰ ঘৰ সোণাপুৰৰ বাৰুৱাৰীত বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত সোণাপুৰৰ যান-বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে চালকৰ আসনত থকা মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰক থানালৈ লৈ যায় ৷

লগতে পঢ়ক: বঙাইগাঁৱৰ নাককাটি পাহাৰত ডি এফ অ'ৰ নেতৃত্বত যুৱকক প্ৰহাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.