Mariani Missing Case: কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যোৱা মৰিয়নিৰ যুৱক সন্ধানহীন

By

Published : Mar 1, 2023, 8:19 PM IST

thumbnail

যোৰহাট, 1 মাৰ্চ: পেটৰ তাড়নাত বহিঃৰাজ্যলৈ কামৰ সন্ধানত যোৱা অসমৰ যুৱক সময়ে সময়ে সন্ধানহীন হৈ অহাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷  তেনেসময়তে এইবাৰ যোৰহাটৰ মৰিয়নিত পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা (Mariani Missing Case) ৷ অসমৰ পৰা বহিঃৰাজ্যলৈ কাম কৰিবলৈ গৈ সন্ধানহীন হয় যোৰহাটৰ মৰিয়নিৰ এজন যুৱক (Assam youth missing at Mariani)।

ঘটনা অনুসৰি যোৰহাট জিলা অন্তৰ্গত মৰিয়নী চিনাতলী গাঁৱৰ প্ৰদীপ বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ঘৰখনত সকাহ দিয়াৰ বাবে কেৰালাত কাম কৰিবলৈ যাবলৈ ঠিৰাং কৰিছিল ৷ যোৱা ২১ ফেব্ৰুৱাৰীত বিবেক এক্সপ্ৰেছযোগে লগৰ কেইজনমান বন্ধুৰ সৈতে কৰ্মস্থলী কেৰালালৈ ৰাওনা হৈছিল প্ৰদীপ (Assam youth missing in Andhra pradesh)। বহিঃৰাজ্যত কাম কৰি উপাৰ্জিত ধনেৰে অন্ধ পিতৃ-মাতৃৰ লগতে একমাত্ৰ নিজৰ পত্নী আৰু কন্যাক ভালদৰে পোহপাল দিয়াৰ বাবে এই সিন্ধান্ত গ্ৰহণ কৰিছিল প্ৰদীপে ৷  

কিন্তু অসমীয়াত এষাৰ কথা আছে চৰণেহে জানে মৰণৰ ঠাই ৷ কৰ্মস্থলীলৈ গৈ থকা অৱস্থাতেই প্ৰদীপ গগৈ আদবাটতে সন্ধানহীন হয় ৷ যোৱা 24 ফেব্ৰুৱাৰীলৈ প্ৰদীপৰ পৰিয়ালে ফোনযোগে প্ৰদীপৰ সৈতে কথা বতৰা পাতি আছিল যদিও হঠাৎ প্ৰদীপৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ চিন্তিত হৈ পৰিয়ালৰ লোকে প্ৰদীপৰ লগত যোৱা সতীৰ্থকেইজনৰ সৈতে যোগাযোগ কৰে ৷  

প্ৰদীপৰ সতীৰ্থকেইজনে তেওঁৰ পৰিয়ালক জনোৱা অনুসৰি যোৱা ২৪ ফেব্ৰুৱাৰীত অন্ধ্ৰপ্ৰদেশৰ ৰাজামুন্দ্ৰী নামৰ ষ্টেচনৰ পৰা সন্ধানহীন হয় প্ৰদীপ ৷ এই কথা শুনি হতচকিত হৈ পৰে প্ৰদীপৰ পৰিয়াল ৷ হঠাৎ এনেদেৰে প্ৰদীপৰ নিখোজৰ খবৰক সহজভাৱে মানি ল’বলৈ অমান্তি হয় পৰিয়ালৰ লোকে ৷ অৱশেষত পৰিয়ালৰ লোকে মৰিয়নি আৰক্ষীৰ লগতে ৰে’ল আৰক্ষীকো সমগ্ৰ ঘটনা অৱগত কৰে ৷ আৰক্ষীয়ে পৰিয়ালটোক প্ৰদীপক বিচাৰি দিয়াৰ আশ্বাস দিয়ে যদিও আজি 5 দিন পৰ্যন্ত সন্ধান নাই প্ৰদীপৰ ৷

সম্প্ৰতি প্ৰদীপৰ ঘৰখনত শোকৰ বন্যা বৈছে ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি প্ৰদীপ বঢ়াগোহাঁই সন্ধানহীন হোৱাৰ খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰদীপৰ বৃদ্ধ পিতৃ মাতৃয়ে কান্দি কান্দি সন্ধানহীন পুত্ৰৰ সন্ধান উলিয়াই দিবলৈ চৰকাৰলৈ কাতৰ অনুৰোধ কৰে ৷ 

তাৎপৰ্যপূৰ্ণ যে কি কাৰণত সুস্থ অৱস্থাত ঘৰৰ পৰা উলাই যোৱা প্ৰদীপ বুঢ়াগোহাঁই নিৰুদ্দেশ হ’ল সেয়া এক চিন্তনীয় প্ৰশ্ন ৷ উল্লেখ্য যে প্ৰদীপৰ লগত কৰ্মসংস্থাপনৰ বাবে অসমৰ পৰা আন কেইবাজনো লোক কেৰালালৈ গৈছিল ৷

লগতে পঢ়ক: Bhopal Ujjain train blast case: ভূপাল-উজ্জয়িনী ৰে’ল বিস্ফোৰণৰ ৭ অভিযুক্তক মৃত্যুদণ্ডৰ ৰায়দান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.