Boat game competition:শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰীৰ পাগলাদিয়াৰ বুকুত নাওখেল প্ৰতিযোগিতা
🎬 Watch Now: Feature Video
নলবাৰী, ৬ ছেপ্টেম্বৰ : সমন্বয়ৰ বাৰ্তা কঢ়িয়াই শ্ৰী কৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি বৰভাগৰ উলাবড়ীত বুধবাৰে অনুষ্ঠিত কৰা হ’ল পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা । হিতসাধিনী পুথিভঁৰাল, উলাবড়ীৰ উদ্যোগত পাগলাদিয়া নদীৰ বুকুত বিয়লিৰ ভাগত আজি অনুষ্ঠিত কৰা হয় পৰম্পৰাগত এই নাওখেল প্ৰতিযোগিতা ।
বৰভাগৰ উলাবড়ীৰ হিতহসাধিনী পুথিভঁৰালৰ উদ্যোগত এইবেলি এই নাওখেল প্ৰতিযোগিতাই ভৰি দিলে ৮০ টা বৰ্ষত । শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আয়োজন কৰা এই নাওখেল উপভোগ কৰিবলৈ ভিৰ কৰিলে সহস্ৰাধিক দৰ্শকে । উল্লেখ্য যে এই প্ৰতিযোগিতাখনিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মুঠ ১২ টাকৈ দলে অংশগ্ৰহণ কৰে । খেলৰ চূড়ান্ত প্ৰতিযোগিতাত কামৰূপ জিলাৰ হাজোৰ বৰ্ণী গাঁৱৰ জলিল আলী নেতৃত্বাধীন "মা ৰূপহী" নামৰ নাওখেলৰ দলটিয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে । ইয়াৰ বিপৰীতে একেই গাঁৱৰে ইমামূল হক নেতৃত্বাধীন "দীনদয়াল" নামৰ নাওখেলৰ দলটিয়ে লাভ কৰে দ্বিতীয় স্থান ।
উল্লেখযোগ্য যে ভগৱান শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে প্ৰতিবছৰে বৰভাগৰ উলাবড়ী হিতসাধিনী পুথিভঁৰালে পাগলাদিয়া নৈৰ বুকুত অনুষ্ঠিত কৰি আহিছে এই নাওখেল প্ৰতিযোগিতাখনৰ । কামৰূপ আৰু নলবাৰী জিলাৰ ওচৰাওচৰিকৈ দুয়োখন জিলাৰেই হাজাৰ হাজাৰ দৰ্শকে প্ৰতিবছৰে উপভোগ কৰি আহিছে এইখন পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা ।
লগতে পঢ়ক : Teachers day 2023:শিক্ষাগুৰুৰ চৰণ ধুই আধ্যাত্মিকতাৰে উদযাপন শিক্ষক দিৱস