Fuel Price Manipulation: এইখন অসমতে এক লিটাৰ ডিজেলৰ মূল্য ১১৩ টকা! - এক লিটাৰ ডিজেল মূল্য ১১৩ টকা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18737435-thumbnail-16x9-jorhat.jpg)
যোৰহাট,12 জুন: বৰ্তমান কিমান টকাত আপুনি ডিজেল ক্ৰয় কৰিছে ! হয়তো আপুনি প্ৰতি লিটাৰ ডিজেলৰ মূল্য 90 টকাকৈ ক্ৰয় কৰিছে ৷ কিন্তু এইখন অসমৰ এটা তেল ডিপোত বৰ্তমান এক লিটাৰ ডিজেলৰ দাম পালেগৈ 113 টকা ৷ এই ঘটনা আন ঠাইৰ নহয় যোৰহাটৰ ৷ যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নিৰ G.B Filling Station নামৰ পেট্ৰল পাম্পত গ্ৰাহকক ৰামঠগন দিয়াৰ ঘটনা পোহৰলৈ আহিছে । এক লিটাৰ ডিজেলৰ মূল্য 90 টকা যদিও মৰিয়নিৰ কাঠকটীয়াত থকা ৰাজীৱ গগৈ মালিকাধীন এই পেট্ৰল পাম্পত আপুনি এক লিটাৰ ডিজেল ক্ৰয় কৰিলে ভৰিব লাগিব 113 টকা । এজন গ্ৰাহকে এটা এক লিটাৰ বটলত তেল ডিপোৰ পৰা ডিজেল ক্ৰয় কৰোতে এক লিটাৰ ডিজেলৰ মূল্য পাম্পৰ মেচিনত ওলাল ১১৩ টকা । সন্দেহ ওপজাত গ্ৰাহকজনে পুনৰ কিছুসময় পিছত পাম্পটোৰ পৰা আকৌ 1 লিটাৰ ডিজেল ক্ৰয় কৰাত পাম্পৰ মেচিনত 1 লিটাৰ ডিজেলৰ মূল্য 105 টকা ওলায় । এনেদৰে G.B Filling Station নামৰ পাম্পটোৱে গ্ৰাহকক প্ৰতি লিটাৰ তেলত 25 টকা পৰ্যন্ত লুন্ঠন চলাই আহিছে । পাম্পটোৰ কৰ্মচাৰী, মেনেজাৰক এই সন্দৰ্ভত প্ৰশ্ন কৰাত মেচিনিৰ বিসংগতি বুলি অজুহাত দেখুৱাই মেচিন বন্ধ কৰি দিয়ে । এই ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক:TMC Press meet: জোনালী নাথৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী ৷