Demanding Money at Moran: মৰাণত ঠিকাদাৰক ধনদাবীৰ অভিযোগ - Demanding Money at Moran
🎬 Watch Now: Feature Video
চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মাউত গাঁৱৰ অইলৰ (Oil India Limited) প্ৰতিষ্ঠিত ঠিকাদাৰ কনক গগৈক কোনো লোকে কিছুদিনৰ পৰা অচিনাকি ফোন নম্বৰৰ পৰা ধনদাবী কৰি থকাৰ অভিযোগ উঠিছে (Oil contractor Kanak Gogoi alleged demanding money) । বিচৰা ধন নিদিলে ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি (Threat of death over phone) প্ৰদান কৰাৰ লগতে পৰিয়ালক অপহৰণ কৰাৰ কথা জানিবলৈ দিয়ে ঠিকাদাৰ কনক গগৈয়ে (Threat of kidnaping) । লগতে উক্ত ঘটনাৰ লগত মৰাণৰ ৰাকেশ গগৈ, ৰাজীৱ গগৈ আৰু ডিব্ৰুগড়ৰ মিণ্টু ফুকন জড়িত বুলি অভিযোগ আনে ঠিকাদাৰ কনক গগৈয়ে । আনহাতে, ঠিকাদাৰ কনক গগৈৰ বিৰুদ্ধে সামাজিক মাধ্যমত অপমান কৰাৰ কথাও উল্লেখ কৰে । ঘটনা সন্দৰ্ভত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰিছে কনক গগৈয়ে (Charaideo dist SP) । আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে (Demanding Money at Moran) ।
Last Updated : Feb 3, 2023, 8:35 PM IST