thumbnail

Gunotsav in Barpeta : প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ বাবে বৰপেটাত বিষয়াৰ প্ৰশিক্ষণ আৰম্ভ

By

Published : Jan 10, 2023, 6:22 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ বৰপেটাত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ (First phase Gunotsav in Barpeta)৷ দ্বিতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পাৰদৰ্শিতা, সহঃ বিদ্যায়তনিক কাৰ্য, বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু অন্যান্য সা-সুবিধাৰ অৱস্থিতি মূল্যায়ন সম্পৰ্কে অনুষ্ঠিত কৰা হ’ব গুণোৎসৱ ৷ গুণোৎসৱত জড়িত হ’বলগীয়া বিষয়াসকলৰ দুদিনীয়া প্ৰশিক্ষণ আৰম্ভ হৈছে (Gunotsav training in Barpeta)৷ বৰপেটা ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত গুণোৎসৱত জড়িত বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ বৰপেটাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই(ADC Lakhimi Dutta) জনোৱামতে, জিলাখনৰ মুঠ ২২১৮ খন বিদ্যালয়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ৷ গুণোৎসৱত জিলাখনত ১১৫৬ জন নিৰীক্ষক নিয়োগ কৰা হ’ব ৷ গুণোৎসৱৰ বাবে প্ৰয়োজনীয় বিষয়া নিয়োগৰ বাবে ইতিমধ্যে বঙাইগাঁও, নলবাৰী, গোৱালপাৰা আৰু বাক্সা জিলাৰ পৰা বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হ’ব বুলি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.