ETV Bharat / state

ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাটো শুভ লক্ষণ কিন্তু... কিয় এনেকৈ ক'লে ময়ুৰ বৰাই ? - Classical Status to Assamese - CLASSICAL STATUS TO ASSAMESE

Classical Language Assamese :অসমীয়াই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাটো নৃত্য-নাটিকাৰ নিচিনা হ'ব নালাগে বুলি কিয় ক'লে বিশিষ্ট চিন্তাবিদ ময়ুৰ বৰাই ?

Classical Language Assamese
সমালোচক ময়ুৰ বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 6:06 PM IST

মাজুলী, ৫ অক্টোবৰ : কেন্দ্ৰীয় কেবিনেটে বৃহস্পতিবাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিত অনুমোদন জনায় । ইয়াৰ পিছতেই উৎফুল্লিত হৈ পৰিছে অসমবাসী । এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশিষ্ট চিন্তাবিদ, সমালোচক ময়ুৰ বৰাই কয়,"ভাৰত চৰকাৰৰ পৰা অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাটো শুভ লক্ষণ,আনন্দৰ কথা; কিন্তু এইটো এটা নৃত্য-নাটিকাৰ নিচিনা কথা হ'ব নালাগে ।"

তেওঁ লগতে কয়," আমি যেতিয়া এটা গধূলি উপভোগ কৰিবলৈ যাওঁ তেতিয়া আমি নৃত্য-নাটিকাখনো ভাল হোৱাটো বিচাৰো । লগতে থিয়েটাৰখনো ভাল হোৱাটো বিচাৰো । এই কামটো চৰকাৰ প্ৰশাসন,সাহিত্য সভাৰ প্ৰচেষ্টাত হৈছে ভাল কথা,কিন্তু পৰৱৰ্তী পৰ্যায়ত সকলোৱে মিলি ধ্ৰুপদী ভাষা বুলি কৈ এনেই গৌৰৱ কৰিলে নহ'ব ।"

ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাটো শুভ লক্ষণ কিন্তু... কিয় এনেকৈ ক'লে ময়ুৰ বৰাই ? (ETV Bharat Assam)

সমালোচক ময়ুৰ বৰাই কয়," অসমীয়া ভাষটোৰ প্ৰতি নতুন প্ৰজন্মক আগ্ৰহী কৰিব লাগিব । ইংৰাজী মাধ্যমত পঢ়ালেও অসমীয়া ভাষাটো নৱ-প্ৰজন্মক শুদ্ধকৈ ক'বলৈ শিকাব লাগিব ।" অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত ফেচবুকত আনন্দ কৰা একাংশৰ অসমীয়া ভাষাৰ প্ৰতি থকা সন্মানৰ কিঞ্চিতমান হ'লেও সন্দেহ আছে বুলি উল্লেখ কৰি তেওঁ কয়," আজি তেওঁলোকে উল্লাস কৰিছে । মই বিচাৰো পূৰ্বতে তেওঁলোকে নিজৰ মাতৃভাষাৰ প্ৰতি মনত ৰখা উদাসীন ভাৱ মষিমূৰ কৰি আগবাঢ়ি আহক ।"

তেওঁ লগতে কয়," অসমীয়া ভাষাৰ ব্যৱহাৰৰ লগতে জনগোষ্ঠীয় মিছিং,ৰাভা,বড়ো ভাষা দুই এটা ক'বলৈ শিকক নহ'লে অসমীয়াই ধ্ৰুপদী,ধ্ৰুপদী কৰি থাকিব কাষতে থকা জনগোষ্ঠীৰ ভাষা মুজুৰা পৰিব ।" ৰাজ্যৰ এটা সংগঠনে চৰকাৰৰ সহযোগী হৈ কাম কৰি আছে নেকি বুলি ৰাইজৰ মাজত সন্দেহ হৈছে বুলি মন্তব্য কৰি তেওঁ কয়," ৰাজ্যৰ এটা সংগঠন আজি দুবছৰ মানৰ পৰা নীৰৱ হৈ গৈছে আৰু তেওঁলোকৰ যেন প্ৰাসংগিকতা নাইকীয়া হৈছে । যিটো সংগঠনটোৰ লগতে আমাৰ সকলোৰে বাবে শুভ লক্ষণ নহয় ।" তেওঁ লগতে কয়," কাৰোবাক সমালোচনা কৰিলেই বুলি বেয়া মনোভাৱ ল'ব নালাগে ।"

লগতে পঢ়ক:ভাষাৰ স্বীকৃতিত আনন্দিত অসম সাহিত্য সভাৰ দুই প্ৰাক্তন সভাপতি - Classical Status to Assamese

অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ শংকা নাথাকিব : অৰিন্দম বৰকটকী - Classical Language Assamese

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.