ETV Bharat / state

হিতাধিকাৰী সৃষ্টিৰ ক্ষেত্রত অলপো কৃপনালি কৰা নাই চৰকাৰে: মীৰা বৰঠাকুৰ গোস্বামী - ASSAM GOVT IN FINANCIAL CRISIS

Assam Govt: বিভিন্ন বিভাগৰ জমা ধন ৰাজকোষলৈ প্ৰেৰণৰ নিৰ্দেশ বিত্ত বিভাগৰ । ৰাজ্যৰ বিত্তীয় অৱস্থাক লৈ সৰৱ প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Pradesh Mahila Congress president on financial situation of Assam
প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী,৫ অক্টোবৰ: ঋণৰ ওপৰত ঋণ লোৱা বিজেপি চৰকাৰে কিন্তু হিতাধিকাৰী সৃষ্টিৰ ক্ষেত্রত অলপো কৃপণালি কৰা নাই । ৰাজ্যৰ বিত্তীয় অৱস্থা যিয়েই নহওক কিয় হিতাধিকাৰী সৃষ্টি কৰা বিভিন্ন আঁচনিৰ বাবে চৰকাৰখনে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি আহিছে । লাগিলে ঠিকাদাৰকে ধন আদায় নিদিয়াকৈ আছে কিন্তু হিতাধিকাৰীয়ে সময়মতে আঁচনিৰ সুবিধা লাভ নকৰাকৈ থকা নাই ।

লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰে ঠিকাদাৰক কামৰ বিনিময়ত ধন আদায় দিব নোৱৰাৰ কথা শেহতীয়াকৈ উচ্চ ন্যায়ালয়ত উন্মোচন হৈছে । প্ৰতি মাহে ঋণ লোৱা চৰকাৰখনে শেহতীয়াকৈ এটা সপ্তাহতে দুবাৰকৈ ঋণ লোৱাৰ বিষয়টোৱে ৰাজকোষৰ অৱস্থা যে টনকিয়াল নহয় সেই কথা উদঙাই দিছে । আনহাতে শেহতীয়াকৈ বিত্ত বিভাগে জাৰি কৰা এটা নিৰ্দেশনায়ো চৰকাৰখনৰ বিত্তীয় অৱস্থাৰ দিশটোকে স্পষ্ট কৰিছে ।

পুঁজি ঘূৰাই দিয়াৰ বাবে বিত্ত বিভাগৰ নিৰ্দেশনা:

বিত্ত বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি ব্যয়ৰ বাবে অসম কোষাগাৰ বিধি ২০১৭ নিয়ম ৭৭ অনুসৰি মুকলি কৰি দিয়া ধন কোনো বেংক একাউণ্টত জমা হৈ থাকিব নালাগে অর্থাৎ কোষাগাৰৰ বাহিৰত কোনো ধন জমা হৈ থাকিব নালাগে । কোষাগাৰৰ এই নীতিৰ দোহাই দি বিত্ত বিভাগে ৰাজ্যৰ উন্নয়নৰ বাবে ইতিমধ্যে মুকলি কৰি দিয়া বিভাগসমূহৰ একাউণ্টত খৰচৰ বাবে জমা হৈ থকা পুঁজি ৰাজকোষলৈ ওভতাই আনিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

বিত্ত বিভাগৰ মতে প্ৰয়োজন অনুসৰি পুঁজিৰ আৰ্জি বিত্ত বিভাগক দিহে ধন মোকলাই নিব লাগে । বিত্ত বিভাগে প্রশাসনিক বিভাগ, বিভাগৰ মুৰব্বী, জিলা আয়ুক্ত, নিগম, ব'ৰ্ডৰ লগতে ৰাজ্য চৰকাৰৰ পৰা পুঁজি লাভ কৰা অন্য যিকোনো সংস্থাক এছ অ' পি ডি, ট্রেনজেকশান গেৰাণ্টি আদিৰ শিতানত বেংক একাউণ্টত জমা হৈ থকা অব্যৱহৃত পুঁজি তাৎক্ষণিকভাৱে নিজ নিজ একাউণ্টৰ জৰিয়তে ৰাজ্যিক কোষাগাৰত জমা কৰিবলৈ সকলো বিভাগলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে ।

ব্যয় নোহোৱাকৈ থকা মূল পুঁজি আৰু জমা হৈ থকা পুঁজিৰ পৰা লাভ কৰা সুদ পৃথক পৃথক শিতানত কোষাগাৰত জমা কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে ।

ঠিকাদাৰক দিব পৰা নাছিল প্ৰাপ্য ধন:

বিত্তীয় বৰ্ষ অন্ত পৰিবলৈ এতিয়াও কেইবা মাহ বাকী আছে । বিভিন্ন বিভাগলৈ ইতিমধ্যে কামৰ বাবে মুকলি কৰা পুঁজি একাউণ্ট সমূহত জমা হৈ আছে । সেই পুঁজি হঠাৎ ৰাজ্যিক কোষাগাৰলৈ ঘূৰাই অনা পৰিৱেশে উদঙাই দিছে ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ কথা । উল্লেখ্য যে ঠিকাদাৰক কামৰ বিনিময়ত প্রাপ্য ধন আদায় দিব নোৱৰাৰ বাবে ৰাজ্য চৰকাৰক অলপতে উচ্চ ন্যায়ালয়ে ভর্ৎসনা কৰিছিল । ৰাজকোষ উদং হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ঠিকাদাৰসকলে ধন আদায় নোপোৱাত ন্যায়ালয়ৰ কাষ চাপিছিল ।

শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজনৰ ৰৈ যোৱা পুঁজিতো চৰকাৰৰ দৃষ্টি:

লক্ষণীয় বিষয় যে বিভিন্ন বিভাগৰ লগতে মধ্যাহ্ন ভোজনৰ পুঁজিও কোষাগাৰত জমা ৰখাৰ নিৰ্দেশ দিয়া হৈছে । ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে নিৰ্দেশ । শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজনৰ বাবে আবণ্টিত পুঁজিৰ ৰৈ যোৱা অংশ শিক্ষানুষ্ঠানৰ পৰা ঘূৰাই আনি বেংক একাউণ্ট খালী কৰাৰ ব্যৱস্থা কৰিছে সৰ্বশিক্ষা অভিযানে । অলপতে সমগ্র শিক্ষা তথা পি এম পোষাণৰ মিছন সঞ্চালকে জিলা শিক্ষা বিষয়াসকলৰ সৈতে হোৱা ভিডিঅ' কনফাৰেঞ্চত মধ্যাহ্ন ভোজনৰ বাবত যোগান ধৰা পুঁজিৰ পৰা খৰচ নোহোৱাকৈ ৰৈ যোৱা পুঁজি কোষাগাৰত জমা দিবলৈ নির্দেশনা দিয়ে ।

মধ্যাহ্ন ভোজনৰ বাবত যি পুঁজি শিক্ষানুষ্ঠানৰ একাউণ্টত জমা হৈ আছিল তাৰ পৰা যি পৰিমাণৰ সুদ জমা হৈছিল সেই পুঁজিও কোষাগাৰত জমা দিয়াৰ নিৰ্দেশ জাৰি কৰিছিল জিলা শিক্ষা বিষয়াসকলে । লক্ষণীয় বিষয় যে ২ অক্টোবৰৰ বিয়লি শিক্ষা বিষয়াসকলে নিৰ্দেশনা জাৰি কৰি ৩ অক্টোবৰৰ ভিতৰত পুঁজি জমা দিয়াৰ নিৰ্দেশ দিছিল । এক কথাত ২৪ ঘণ্টাৰ ভিতৰত বিদ্যালয় সমূহে মধ্যাহ্ন ভোজনৰ জমা থকা পুঁজি আৰু সুদ উভতাই দিবলগীয়া হৈছে ।

শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজন আৰু পৰিস্থিতি:

মধ্যাহ্ন ভোজনৰ বাবত প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষার্থীৰ বিপৰীতে ৫.৪৫ টকা, উচ্চ প্রাথমিকত ৮.১৭ টকাকৈ পি এম পোষাণৰ অধীনত সৰ্বশিক্ষাই যোগান ধৰে । বিদ্যালয়ত উপস্থিতিৰ ভিত্তিত এই ধন যোগান ধৰা হয় । পৰীক্ষা নাইবা আন বিশেষ কাৰণত বিদ্যালয় বন্ধ থাকিলে মধ্যাহ্ন ভোজনৰ বাবত যোগান ধৰা পুঁজি ব্যয় নোহোৱাকৈ ৰৈ যায় । মধ্যাহ্ন ভোজনৰ বাবে পুঁজি যোগান ধৰিলেও বিদ্যালয়সমূহত থকা ৰান্ধনি গৃহসমূহৰ অৱস্থা তথৈবচ ।

বহু বিদ্যালয় আছে য'ত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নাই । মধ্যাহ্ন ভোজন পৰিৱেশন কৰিবলৈ উপযুক্ত গৃহ নাই । সকলো বিদ্যালয়ত শিক্ষার্থীয়ে মধ্যাহ্ন ভোজন কৰিবলৈ বাচন-বৰ্তনো নথকাত শিক্ষাৰ্থীয়ে ঘৰৰ পৰা কাঁহী-বাটি লৈ যাব লাগে । মধ্যাহ্ন ভোজনৰ বাবত যোগান ধৰা পুঁজিৰ যি সামান্য পৰিমাণৰ পুঁজি ৰৈ যায় সেই পুঁজিৰে ৰন্ধন গেছৰ ব্যৱস্থা নথকা বিদ্যালয়ক ৰান্ধনি গৃহত খৰিৰ পৰিৱৰ্তে ৰন্ধন গেছৰ ব্যৱস্থা কৰা, কাঁহী-বাটি ক্ৰয় কৰা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, ৰান্ধনী গৃহ স্বাস্থ্যসন্মতভাৱে নিৰ্মাণ কৰা বা মেৰামতি কৰা আদিৰ বাবেও ব্যৱহাৰ কৰিবলৈ সুবিধা নিদি খৰচ নোহোৱা ধন ৰাজ্যিক কোষাগাৰত ঘূৰাই নিয়া বিষয়টোৱে সকলোকে আচৰিত কৰিছে ।

প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ প্ৰতিক্ৰিয়া:

চৰকাৰে বিভিন্ন বিভাগত ৰৈ যোৱা পুঁজি বিচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে । নিজৰ প্ৰতিক্ৰিয়াত কংগ্ৰেছ নেত্রীগৰাকীয়ে কয়,"চৰম বিত্তীয় সংকটত পৰিছে অসম চৰকাৰৰ । চৰকাৰে বিভাগসমূহত থকা পইচা ঘূৰাই বিচাৰিছে । চৰকাৰখনে ধাৰৰ ওপৰত অসমখনক চলাই এক অভাৱনীয় পৰিস্থিতিলৈ লৈ গৈছে । প্ৰলোভন দি বিজেপিৰ সদস্যতা দিয়া হৈছে । ধাৰৰ বোজাত অসমখন শ্ৰীলংকাৰ দৰে এটা পৰিস্থিতিলৈ যোৱাৰ অৱস্থা সেই কথা অসমৰ ৰাইজে বিশেষকৈ মাতৃ সমাজৰ বোধগম্য হোৱা নাই ।"

তেওঁ লগতে কয়,"আজিৰ তাৰিখত বিজেপিক বেয়া পোৱা মানুহেও বিজেপিৰ সদস্যতা লৈছে । ইয়াৰ কাৰণ হৈছে কিবা পাব । কিবা পোৱাৰ প্ৰলোভন দিয়া হৈছে । স্বাধীনতাৰ পাছত ইমান ধাৰ লোৱা মুখ্যমন্ত্রী মই শুনা নাই তথা পঢ়িবলৈ পোৱা নাই । ধাৰত পোত যোৱা চৰকাৰখনে সকলো ঠিকাদাৰক কাম বন্ধ কৰিবলৈ দিছে । বিনামূলীয়াৰ ব্যৱস্থাৰে চৰকাৰখনে অসমখনক বিত্তীয় সংকটৰ দিশে লৈ গৈছে । মুখ্যমন্ত্রীয়ে ৰাজধৰ্ম পালন কৰক ।"

লগতে পঢ়ক: ফেব্ৰুৱাৰীত স্থাপন হ'ব আৰু ৫২খন সমজিলা :মুখ্যমন্ত্ৰীৰ ঘোষণা - SUB DISTRICTS IN ASSAM

মহকুমা অতীত হ'ল: সমজিলাৰে ভৰি পৰিল সমগ্ৰ অসম - SUB DISTRICT IN ASSAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.