ETV Bharat / state

উচ্ছেদস্থলীবোৰত মৌলবাদী ঘূৰি ফুৰিছে : মুখ্যমন্ত্ৰী - Assam CM on fundamentalist forces

NIA arrests fundamentalist: গোৱালপাৰাত মৌলবাদীক গ্ৰেপ্তাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ অসমৰ মুখ্যমন্ত্ৰীৰ । ৰাজ্যত মৌলবাদী শক্তিৰ বৃদ্ধিৰ ইংগিত ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

NIA arrests fundamentalist
উচ্ছেদস্থলীবোৰত ঘূৰি ফুৰিছে মৌলবাদী (ETV Bharat)

গুৱাহাটী, ৫ অক্টোবৰ : "অসমত মৌলবাদী শক্তি বৃদ্ধি হৈছে । অসমত প্ৰতিক্ৰিয়াশীল লোকে বিভিন্ন উচটনিৰে অসমৰ পৰিস্থিতি বেয়া কৰি আছে ‌।" এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । গুৱাহাটীত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি শনিবাৰে তেওঁ কয়, "যোৱা তিনিমাহৰ পৰা হৰ্ষ মান্দাৰৰ দৰে বিভিন্ন ব্যক্তি অসমত ঘূৰি ফুৰিছে । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত যিবিলাক স্থানত আমি উচ্ছেদ চলাইছো তাত উচটনি দিয়াৰ কাম তেওঁলোকে কৰি আছে । যেতিয়াই তেওঁলোকে গম পাই যে ক'ৰবাত বন ভূমি, ট্ৰাইবেল বেল্ট আদিত উচ্ছেদ চলোৱা হ'ব তেওঁলোকে মানুহক একত্ৰিত কৰা কামত নামি পৰে । এই তথ্য আমাৰ হাতলৈ আহে । এই তথ্য আমি কিছুমান ৰাজহুৱা কৰো । কিছুমান নিজৰ লগত ৰাখো ।"

উচ্ছেদস্থলীত মৌলবাদী

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "শেহতীয়াকৈ সোণপুৰৰ কচুতলিত উচ্ছেদৰ সময়ত বিৰোধিতা কৰা লোকসকলে যি শ্ল'গান দিছিল আৰু এন আই এই শেহতীয়াকৈ যি কেইটা মৌলবাদী গ্ৰেপ্তাৰ কৰিছে তাৰ পৰা প্ৰমাণ হয় অসমত মৌলবাদ বৃদ্ধি হৈছে । এই ঘটনাই ইংগিত দিছে যে অহা ১০-১৫ বছৰত মৌলবাদীৰ বাবে অসমত খিলঞ্জীয়াই অনিশ্চয়তাত বাস কৰিব লাগিব । আমাৰ কাৰণে জীৱন ধাৰণ কৰাটো কঠিন হ'ব ।"

গোৱালপাৰাত মৌলবাদীৰ বিৰুদ্ধে চলোৱা এন আই এৰ অভিযানৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয়, "অসমত যে মৌলবাদীৰ পৰা প্ৰত্যাহ্বান আছে সেয়া সত্য । বহু সময়ত আমি এই কথা ক'লে এচাম মানুহে উপলুঙা কৰে । কিন্তু বাৰে বাৰে প্ৰমাণ হৈ আহিছে যে আমি যি কথা কৈ আছো সেইটোৱে সঁচা । যেতিয়াই এন আই এয়ে মৌলবাদীৰ বিৰুদ্ধে দেশজুৰি অভিযান চলাই তেতিয়াই অসমৰ পৰা এজন নহয় এজন থাকিবই । অসমত মৌলবাদী শক্তি সোমাই আছে আৰু আমি সাৱধান হোৱাৰ প্ৰয়োজন আছে ।"

মুখ্যমন্ত্ৰীয়ে লগতে জনোৱা মতে অসমসহ দেশজুৰি শুকুৰবাৰে নিয়াই অভিযান চলাইছে । গোৱালপাৰাতো এন আই এই তালাচী চলাইছে । গোৱালপাৰাত জইচ-ই-মহম্মদৰে জড়িত ৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক :ছত্তীশগড়ত ৩১ টা নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ - Chhattisgarh Naxal encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.