Octogenarian Man Plays Nagara in Nalbari : 80 বছৰীয়া উমেশ কলিতাৰ নাগাৰা বাদনে চকু থৰ কৰিব আপোনাৰ - Octogenarian Man Plays Nagara
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-17741808-thumbnail-4x3-dfjvnh.jpg)
নলবাৰী, ২ ফেব্ৰুৱাৰী : বয়সৰ লেখেৰে এগৰাকী 80 বছৰীয়া বৃদ্ধ ৷ মনোবলৰ লেখেৰে তেওঁ 20-25 বছৰীয়া চফল ডেকা ৷ লোকজনৰ উদ্যম দেখিলে যিকোনো লোকেই আচৰিত হ’ব ৷ নাম তেওঁৰ উমেশ কলিতা ৷ এগৰাকী নাগাৰা বাদক হিচাবে সমগ্ৰ নলবাৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰিচিত উমেশ কলিতা (Nagara player Umesh Kalita) ৷
উমেশ কলিতাৰ আকৰ্ষণীয় নাগাৰা বাদনৰ সৈতে ইতিমধ্যে সামাজিক মাধ্যমযোগে বহুতৰে পৰিচয় হৈছে ৷ দেওবাৰে নিশাও দেখা গ’ল এজন চফল ডেকাৰ দৰেই উমেশ কলিতাই নাগাৰা বাদন কৰা ৷ নলবাৰী জিলাৰ মুকালমুৱাৰ সাপকাটাৰ ৰাজহুৱা বৈকুণ্ঠ ধামত (Mukalmua Baikunth Dham) আয়োজিত ২২ তম বৈকুণ্ঠ ধামৰ সভা মহোৎসৱত আকৰ্ষণীয় শৈলীৰে নাগাৰা বাদন কৰিলে উমেশ কলিতাই (Old Man Plays Nagara in Nalbari)৷
মহোৎসৱৰ কাৰ্যসূচী অনুসৰি নিশা অনুষ্ঠিত ছোৱালী নাগাৰা নাম পৰিৱেশনত নাগাৰা সংগত কৰে শিল্পী উমেশ কলিতাই ৷ উক্ত নাগাৰা নাম পৰিৱেশন কৰে ৰঙিয়াৰ চন্দনা দাস আৰু লাউপাৰাৰ মৌচুমী দাসৰ দলে (Nalbari Nagara Party)৷ ৰঙিয়াৰ অমৰজ্যোতি ছোৱালী নাগাৰা নাম দলৰ নাগাৰা বাদক উমেশ কলিতাৰ নাগাৰা বাদন উপভোগ কৰিবলৈ উবুৰি খাই পৰিল শ শ লোক ৷
কিন্তু পৰিতাপৰ বিষয় যে বিগত প্ৰায় 50 বছৰে নাগাৰা বাদন কৰি লোক শিল্পক জীয়াই ৰাখিবলৈ চেষ্টা কৰা উমেশ কলিতাই আজিকোপতি লাভ নকৰিলে শিল্পী পেঞ্চন (Octogenarian nagara artist in Nalbari) ৷ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে চাৰি কুৰি বছৰীয়া উমেশ কলিতাই, ‘‘ইমান বছৰে মই বাদ্য বজায়েই থাকিলোঁ ৷ মোৰ ঘৰৰ আৰ্থিক অৱস্থা বেয়া ৷ শিল্পী পেঞ্চনটোৰ ব্যৱস্থা কৰি দিলে অসুবিধা দূৰ হ’ব ৷’’
লগতে পঢ়ক: Bhauna perform at Gargaon College: গড়গাওঁ মহাবিদ্যালয়ত ভাওনা প্ৰদৰ্শন