Student Union election: NSUI ৰ দখলত মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা - মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা
🎬 Watch Now: Feature Video


Published : Oct 18, 2023, 1:50 PM IST
মাণিকপুৰ, 18 অক্টোবৰ: বঙাইগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত NSUI ৰ বৃহৎ সাফল্য লাভ কৰে। পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ মহাবিদ্যালয়খনৰ নিৰ্বাচনত তিনিটা ছাত্ৰ সংগঠন অৱতীৰ্ণ হয় । সদৌ অসম ছাত্ৰ সন্থা, আমছু আৰু কংগ্ৰেছ দলৰ ভাতৃ সংগঠন NSUI ।
নিৰ্বাচনত পৃথকে পৃথকে আটাইকেইটা বিভাগত প্ৰতিদ্বন্দিতা কৰে যদিও আটাইকেইটা বিভাগতে বিপুল ভোটৰ ব্যৱধানত NSUI ৰ প্ৰাৰ্থী জয়ী হয় । দহটা বিভাগৰ ভিতৰত তিনিটা বিভাগত বিনা প্ৰতিদ্বন্দিতাত বিজয়ী হয় NSUI প্ৰাৰ্থী । সভাপতি হিচাপে জাহিৰুল ইছলাম, সাধাৰণ সম্পাদক তাৰা আলী আৰু সহঃ সাধাৰণ সম্পাদক হিচাপে মফিদুল হুছেইন বিজয়ী হয় ।
ৰাতিপুৱা 9 বজাৰ ভোট গ্ৰহণ আৰম্ভ হয় আৰু দুপৰীয়া 2 বজাৰ পৰা ভোট গণনা আৰম্ভ হৈ 5 বজাত ফলাফল ঘোষণা কৰা হয় । নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা বুলি পোহৰলৈ অহা নাই ।