thumbnail

By

Published : Mar 28, 2023, 9:29 PM IST

ETV Bharat / Videos

Rahul Gandhi Controversy Update: বৰপেটাৰ ৰাজীৱ ভৱনত NSUIৰ মৌন প্ৰতিবাদ

বৰপেটা, ২৮ মাৰ্চ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পিচৰে দেশজুৰি অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী (Rahul Gandhi dismissed as MP)৷ বিজেপিয়ে ৰাহুল গান্ধীৰ সাংসদ পদ পৰিকল্পিতভাৱে খাৰিজৰ অভিযোগ তুলি কংগ্ৰেছ দলে ৰূপায়ন কৰিছে প্ৰতিবাদী কাৰ্যসূচী (NSUI protest in Barpeta)৷ এই কাৰ্যসূচীৰ অংশ হিচাপে মঙলবাৰে বৰপেটাত জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ সন্মুখত NSUIৰ নেতা কৰ্মী সকলে মৌন প্ৰতিবাদ সাব্যস্ত কৰে (NSUI Silent protest in Barpeta)৷ 

NSUI ৰ বৰপেটা জিলা সমিতিৰ সভাপতি মেহবুবুৰ ৰহমানৰ নেতৃত্বত জিলাখনৰ নেতা-কৰ্মী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Protest against Rahul Gandhi dismissed as MP)৷ চৰকাৰৰ বিৰোধিতা কৰা দেশৰ বিৰোধী দলৰ নেতাসকলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে দমনমূলক ব্যৱস্থা চলাই থকা বুলি অভিযোগ উত্থাপন কৰে NSUIৰ জিলা সভাপতিগৰাকীয়ে ৷  

দেশত স্বেচ্ছাচাৰী শাসন চলোৱা বিজেপিক আগন্তুক 2024 চনৰ নিৰ্বাচনত শাসনৰ পৰা উফৰাই পঠাবলৈ ৰাইজক আহ্বান জনায় NSUIৰ নেতা কৰ্মীসকলে ৷

লগতে পঢ়ক: Gamocha controversy in Assam : দুডোখৰীয়া গামোচা প্ৰৱৰ্তনৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.