Bike Thieves arrested with bike: কামৰূপত ৩ খনকৈ চুৰি গ্লেমাৰ বাইকসহ গ্ৰেপ্তাৰ তিনি - Bike Thieves arrested with bike

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 10:49 PM IST

ৰঙিয়া, ২৭ ছেপ্টেম্বৰ: কামৰূপৰ হাজো আৰু ডোৱকৰ বিভিন্ন স্থানত চুৰি বাইক বিচাৰি বুধবাৰে গোৰেশ্বৰ আৰক্ষী, হাজো আৰক্ষী আৰু ডোৱক আৰক্ষীয়ে যৌথ অভিযান চলায় । আৰক্ষীৰ দলকেইটাই অভিযানৰ সময়ত তিনিটা বাইক চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিখনকৈ চুৰি গ্লেমাৰ বাইক উদ্ধাৰ কৰে ।

ধৃত বাইক চোৰ তিনিটা হাজো থানাৰ অন্তৰ্গত দিহিনা গাঁৱৰ চণ্ডীচৰণ দাস ওৰফে কলা, দ্বীপেন দাস আৰু ডোৱক থানাৰ অন্তৰ্গত গুইয়া গাঁৱৰ ৰাজীৱ আলী বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে, কেইবাখনো বাইক চুৰিৰ গোচৰৰ অনুসন্ধান কৰিবলৈ মঙলবাৰে নিশা হাজোত উপস্থিত হয় গোৰেশ্বৰ আৰক্ষী ।

হাজো থানাৰ অন্তৰ্গত দিহিনাত গোৰেশ্বৰ আৰক্ষী আৰু হাজো আৰক্ষীয়ে কেইবা ঠাইতো বাইক চোৰৰ সন্ধানত নামি পৰে । তাৰ পিচতে দুজনকৈ বাইক চোৰ, দিহিনা গাঁৱৰ চন্দী চৰণ দাস ওৰফে কলা আৰু দ্বীপেন দাস আৰক্ষীৰ জালত পৰে ।

আৰক্ষীৰ জেৰাত দুয়োৱে বাইক চুৰিৰ কথা স্বীকাৰ কৰে । তাৰ পিচতে গোৰেশ্বৰ আৰক্ষীয়ে ডোৱক আৰক্ষীৰ সহায়ত ডোৱক থানাৰ অন্তৰ্গত ডিমুৰ এখন গেৰেজৰ পৰা তিনিখনকৈ চুৰি গ্লেমাৰ জব্দ কৰে । লগতে গেৰেজৰ গৰাকী তথা তিনিখনকৈ চুৰি বাইক মজুত ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৰাজীৱ আলীক ।

লগতে পঢ়ক : Seed business without licensed: অনুজ্ঞাপত্ৰবিহীনভাৱেই মুকালমুৱাৰ সাপ্তাহিক বজাৰত চলিছে বীজৰ ব্য়ৱসায়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.