Mobile bus waiting shed: কেৰালাৰ এটা ভ্ৰাম্যমান বাছ আস্থান - Mobile bus waiting shed
🎬 Watch Now: Feature Video
কেৰালাৰ এটা ভ্ৰাম্যমান বাছ আস্থানে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ উল্লেখ্য যে, কেৰালাৰ কাচাৰাগোডত ঘাইপথ নিৰ্মাণৰ কাম চলি থকা সময়ত পথৰ কাষৰ বাছ আস্থানসমূহ ভাঙি পেলোৱা হৈছিল(Mobile bus waiting shed) ৷ যাৰ ফলত স্কুলীয়া কণ-কণ ছাত্ৰ-ছাত্ৰীৰ লগতে যাত্ৰীসকলে প্ৰখৰ সূৰ্যৰ তাপত মুকলি স্থানত বাছৰ বাবে অপেক্ষা কৰিবলৈ বাধ্য হৈছিল । পেৰিয়াৰ এটা স্বেচ্ছাসেৱী দলৰ এই ঘটনা দৃষ্টিগোচৰ হোৱাত তেওঁলোকে এটা ভ্ৰাম্যমাণ বাছ আস্থান নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয় ৷ তেওঁলোকে ইয়াৰ বাবে অঞ্চলটোৰ ব্যৱসায়ী আৰু সামাজিক সংগঠনবোৰৰ পৰা পুঁজি সংগ্ৰহ কৰি এটা ভ্ৰাম্যমাণ বাছ আস্থান নিৰ্মাণ কৰে । বাছ আস্থানত যাত্ৰীসকলৰ ভিৰৰ ওপৰত ভিত্তি কৰি কেৱল এখন মটৰচাইকেলত হুক লগাই এই ভ্ৰাম্যমান বাছ আস্থানটো যিকোনো ঠাইলৈ স্থানান্তৰ কৰিব পাৰি ৷ বাছৰ বাবে অপেক্ষা কৰি থকা সময়ত যাত্ৰীসকলে বহিবলৈ ইয়াত আসনো আছে ।
Last Updated : Feb 3, 2023, 8:34 PM IST