North east folk fest 2023 : উত্তৰ পূৱ লোক মহোৎসৱ অনুষ্ঠানত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত

🎬 Watch Now: Feature Video

thumbnail

গুৱাহাটী, 24 মাৰ্চ : উত্তৰ পূৱৰ লোক সংস্কৃতি আৰু ঐতিহ্যক প্ৰচাৰ কৰাৰ লক্ষ্যৰে ব্যতিক্ৰম গোষ্ঠীৰ উদ্যোগত গুৱাহাটীত আয়োজন কৰা হৈছে উত্তৰ পূৱ লোক মহোৎসৱৰ । শুকুৰবাৰে গুৱাহাটীৰ প্ৰাগজ্যোতিষ আই টি এ মাছখোৱাত আয়োজন কৰা হয় এই মহোৎসৱৰ । নৰ্থ ইষ্ট ফ’ক ফেষ্ট ২০২৩”ৰ বিশেষ আকৰ্ষণ হৈছে কলকাতাৰ বিখ্যাত বেণ্ড 'দোহৰ' ৰ (North east folk fest 2023) । 

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কটাৰিয়া । ইয়াৰোপৰি, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক । অনুষ্ঠানটিত ড° অঞ্জনমী শইকীয়াৰ নেতৃত্বত দৰ্পনৰ শিল্পীসকলে লোকনৃত্য পৰিৱেশন কৰে । এই অনুষ্ঠানটিৰ বিষয়ে ব্যতিক্ৰম মাছডোৰ সভাপতি ড০ সৌমেন ভাৰতীয়াই অনুষ্ঠানটোত বিভিন্ন ধৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় বুলি উল্লেখ কৰে (Assistant High Commissioner of Bangladesh)। 

লগতে পঢ়ক : ADR report: কৰ্ণাটকৰ 95 শতাংশ বিধায়কেই কোটিপতি

অনুষ্ঠানত এখন স্মৃতিগ্ৰন্থ আৰু দিব্য ৰঞ্জন বৰাৰ 'সামগ্ৰী আৰু সেৱা কৰ' শীৰ্ষক কিতাপৰ বেটুপাত মুকলি কৰা হয় । এই কাৰ্যসূচীলৈ ভাৰত পৰ্যটন উত্তৰ পূৰ্বাঞ্চল, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তকে ধৰি কেইবাটাও বিশিষ্ট সংস্থাই সহযোগিতা আগবঢ়াইছে (Assam governor Gulab Chand Kataria)। 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.