ডিচেম্বৰত গুৱাহাটীত সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ; ৰ' স্পৰ্টছৰ উদ্যোগত প্ৰথমবাৰৰ বাবে স্পৰ্টছ এক্সপ'

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 5:11 PM IST

গুৱাহাটী, ২০ নৱেম্বৰ : ৰ' স্পৰ্টছৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে উত্তৰ-পূবৰ প্ৰথম আৰু সৰ্ববৃহৎ ফিটনেছ, ৱেলনেছ, ফেশ্বন তথা ৰ' স্পৰ্টছ এক্সপ' । অহা ৮, ৯, আৰু ১০ ডিচেম্বৰত গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব এই ক্ৰীড়া সমাৰোহ । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে ৰ' স্পৰ্টছ ফেষ্টিভলৰ সভাপতি অচুৎ কলিতাই ।

এই ক্ৰীড়া সমাৰোহ সন্দৰ্ভত তেওঁ কয়, "আমাৰ মূল লক্ষ্য হ'ল স্থানীয় যিবোৰ খেল-ধেমালি আছে, সেইবোৰৰ উৎকৰ্ষ সাধন কৰা । লগতে নৱপ্ৰজন্মক শাৰীৰিক উৎকর্ষ সাধনৰ বাবে উৎসাহিত কৰা আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা । এই তিনিদিনীয়া কার্যসূচীত দৰ্শকে প্রত্যক্ষ কৰিব পাৰিব যোগ প্ৰতিযোগিতা, শৰীৰচৰ্চা প্রতিযোগিতা, ভাৰ উত্তোলন, ৰছীটনা প্রতিযোগিতা, পাঞ্জা প্রতিযোগিতা, শ্বটপুট প্রতিযোগিতা, ডিস্কাছ থ্র' প্রতিযোগিতা, জেভলিন থ্র' প্রতিযোগিতা ।"

তেওঁ লগতে কয়, "১০০, ২০০, ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ লগতে ফেশ্বন প্রতিযোগিতাও অনুষ্ঠিত হ'ব । এই এক্সপ'ৰ লগতে আমি আয়োজন কৰিম দুখন শৰীৰচৰ্চা প্রতিযোগিতা । সেয়া হৈছে মিষ্টাৰ আৰু মিছ কামৰূপ আৰু মিষ্টাৰ আৰু মিছ অসম ২০২৩ । ইয়াৰ লগতে এই তিনিও দিনত আমি অনুষ্ঠিত কৰিম দেশৰ আগশাৰীৰ বিভিন্ন ক্রীড়া ক্ষেত্ৰত দেশক প্রতিনিধিত্ব কৰা বিশেষ ব্যক্তিসকলৰ লগত প্রত্যক্ষ আলোচনা । ইতিমধ্যে আমাৰ অনলাইন পঞ্জিয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে । এই তিনিও দিনতে আমি সকলোৰে উপস্থিতি কামনা কৰিছোঁ ।"

সংবাদমেলত ৰ' স্পৰ্টছ ফেষ্টিভলৰ উপদেষ্টা বিক্ৰম ৰাজখোৱা, সাধাৰণ সম্পাদক কৌশিক তালুকদাৰ, এন ই যোগ চেণ্টাৰৰ স্বত্বাধিকাৰী ইনামূল হুছেইন, এন ই যোগ চেণ্টাৰৰ বিষয়ববীয়া পল্লৱী শইকীয়াও উপস্থিত থাকে ।

লগতে পঢ়ক :বক্ৰ পথেৰে নিযুক্তি লাভ কৰা ৩৪ ৰাজপত্ৰিত বিষয়াৰ বিপদ ঘনীভূত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.