thumbnail

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ: কাৰ হাতলৈ যাব পৰিষদৰ বাঘজৰী ?

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 9:55 AM IST

হাফলং, 12 জানুৱাৰী : আজি অৰ্থাৎ 12 জানুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ভোট গণনা । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে আৰম্ভ হৈছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ভোট গণনা । হাফলং ডনব’স্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা । ডনব’স্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় মহলত 7 টাকৈ কোঠাত ভোট গণনা কৰা হৈছে ৷ ইতিমধ্যে বিজেপিয়ে আৰু এবাৰ পৰিষদ গঠনৰ দিশে আগুৱাই আছে ।

ইতিমধ্যে, বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে পৰিষদৰ 6 টা সমষ্টি নিজৰ দখললৈ আনিছে । পৰিষদৰ পূব মাইবাং, পশ্চিম মাইবাং হাজাদিছা গুণজোং হামৰি আৰু হাৰেংগাজাও সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ক্ৰমে মনজয় লাংথাচা, মোহিত হোজাই, প্ৰজিত হোজাই, নজিৎ কেম্প্ৰাই মনজিত নাইডিং আৰু আমেন্দু হোজাই বিনা প্ৰতিদ্বন্দিতাত জয়লাভ কৰি পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে । 

28 জন সদস্য বিশিষ্ট উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত পৰিষদ গঠনৰ বাবে মেজিক ফিগাৰ হৈছে 15 খন আসন । এতিয়া সময়ে ক’ব কোনে মাৰিব শেষ হাঁহি ?

লগতে পঢ়ক: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ১২ সমষ্টিত তৃণমূলৰ প্ৰাৰ্থী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.